দেশজুৰি অব্যাহত আছে ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া।
দেশৰ প্ৰতিগৰাকী নাগৰিকে এপালি ভেকচিনৰ বাবে হেতা-ওপোৰা লগাই থকাৰ সময়তে উত্থাপিত হৈছে এক আচৰিত দাবী।
মধ্যপ্ৰদেশৰ ঢাৰ জিলাৰ এগৰাকী ব্যক্তিয়ে ক’ভিড ভেকচিন লোৱাৰ ক্ষেত্ৰত এক আচৰিত দাবী কৰিছে।
মধ্যপ্ৰদেশৰ লোকজনে দাবী কৰিছে যে, প্ৰধানমন্ত্ৰী মোডী কাষত থাকিলেহে তেও ভেকচিন কৰিব।
ব্যক্তিজনে ক’ভিডৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিতহে ভেকচিন গ্ৰহণ কৰিব বুলি আকোৰগোজ হয়।
জানিব পৰা মতে, বৰ্তমান মধ্যপ্ৰদেশৰ গাঁৱখনত মাত্ৰ উক্ত ব্যক্তিজন আৰু তেওঁৰ পত্নীয়ে ভেকচিন গ্ৰহণ কৰিবলৈ বাকী আছে।
ব্যক্তিজনৰ মতে ক’ভিডৰ ভেকচিন গ্ৰহণ কৰাৰ ফলত তেওঁৰ শৰীৰত পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে যাৰ বাবে ভেকচিন গ্ৰহণ কৰাৰ সময়ত তেওঁৰ কাষত প্ৰধান মন্ত্ৰী উপস্থিত থকাটো অতি দৰকাৰী বুলি দাবী কৰে।









