অসম

ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰত বন্ধৰ প্ৰভাৱ, ৰাজপথত উত্তাল প্ৰতিবাদ, বন্ধ সমৰ্থকক আটক আৰক্ষীৰ…

আজি ভাৰত বন্ধ।

বিতৰ্কিত ৩ কৃষি আইনৰ বিৰোধীতাৰে আজি ভাৰত বন্ধৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মৰ্চাৰ লগতে ৪০টাকৈ সংগঠনে।

সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড য়ুনিয়নে জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে কলগাছিয়াত।

কলগাছিয়াৰ জনীয়া, বালাগাঁও, মইনবাড়ী, বালিকুৰী আদি অঞ্চলত ৰাইজে স্বতঃফুৰ্তভাৱে দোকান-পোহাৰ বন্ধ ৰাখি, পথ অৱৰোধ কৰি বিজেপি বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

স্থানীয় কৃষক সংগঠন নিখিল ভাৰত কৃষক সভা,ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ সদস্য সকলে বন্ধৰ সমৰ্থনত ৰাজপথলৈ সমদল উলিয়াই।

ইপিনে, বন্ধৰ সমৰ্থক সকলে পিকেটিং কৰি থকাৰ সময়তে আৰক্ষীয়ে কিছু সংখ্যক বন্ধ সমৰ্থনকাৰীক আটক কৰে।

বন্ধ সমৰ্থকক আটক কৰাৰ পাছতে অন্য বন্ধ সমৰ্থক সকলে চৰকাৰ আৰু আৰক্ষী বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *