অসম

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি যোৱাৰ এমাহ নৌহওঁতেই খহি পৰিল চিকিৎসালয়ৰ চিলিং…

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি যোৱাৰ এমাহ নৌহওঁতেই খহি পৰিল চিকিৎসালয়ৰ চিলিং

লখিমপুৰৰ নৱনিৰ্মিত কেন্সাৰ হাস্পাতালত সংঘটিত হৈছে এই ঘটনা।

এজাক বতাহ বৰষুণতে খহি পৰিল নৱনিৰ্মিত কেন্সাৰ হাস্পতালখনৰ দুখন চিলিং।

প্ৰধানমন্ত্ৰী মোদীয়ে ২৮ এপ্ৰিলত উদ্বোধন কৰিছিল কেন্সাৰ কেন্দ্ৰটো।

ডিব্ৰুগড়ৰ পৰাই মুকলি কৰিছিল লাখিমপুৰ সহ ৭খন কেন্সাৰ চিকিৎসালয়।

অভিযোগ অনুসৰি অতি জৰুৰীকালিন ভাৱে চিকিৎসালয় খনৰ নিৰ্মাণকাৰী সংস্থা এলএন টি(LNT)য়ে জোৰা তাপলি মাৰি কাম কৰাৰ বাবেই ঘটিল এই ঘটনা।

উল্লেখ্য যে, ১২৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয় খনৰ মুকলিৰ দিনাও ভিতৰ ভাগত পানী পৰা দেখা গৈছিল।

লগতে নিৰ্মাণকাৰ্যত বিভিন্ন বিসংগতি থকাৰ অভিযোগ উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *