নিউজ ডেস্কঃ অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা চিত্তৰঞ্জন বসুমতাৰীৰ পদত্যাগৰ খবৰে ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আঞ্চলিক দলটোত আৰম্ভণিতে ঘটা পতনৰ চিত্তৰঞ্জন বসুমতাৰীৰ পদত্যাগেই প্ৰমাণ বুলিও চৰ্চা চলাইছে একাংশই।
তাৰ মাজতে দলৰ পৰা পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে। দেওবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি নিজৰ পদত্যাগৰ দৃঢ় স্থিতিৰ বিষয়ে কৈ চিত্তৰঞ্জন বসুমতাৰীয়ে অৰাজনৈতিকভাৱে কাম কৰিব বিচাৰে বুলি মন্তব্য কৰে।

আনহাতে অজাপৰ সভাপতি লুৰিণজ্যেতি গগৈ আৰু নিজৰ সম্পৰ্ক ৰাম-লক্ষ্মনৰ সৈতে তুলনা কৰি চিত্তৰঞ্জনে কয় যে এতিয়া লক্ষ্মন মৰিল যদিও ৰামে অকলেই যুদ্ধ কৰি জয়ী হ’ব লাগিব।
তেওঁ কয়, ”ৰাম-লক্ষ্মণৰ সম্পৰ্ক অটুট থাকিব। আধাবাটত কোনো কাৰণত এৰি অহা নাই আৰু নেৰোঁ। মোৰ জাতীয়তাবাদী চৰিত্ৰ আছিল, আছে আৰু থাকিব। দলীয় বিশৃংখলতা কিছু আছে, সেইসমূহ আঁতৰ কৰিব লাগিব।’’
ৰাজনীতিক সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাথাকিলেও অৰাজনৈতিকভাৱে লুৰিণজ্যেতি গগৈক সহায় কৰি যাব বুলিও মন্তব্য কৰে চিত্তৰঞ্জন বসুমতাৰীয়ে।
তেওঁ পৰৱৰ্তী সিদ্ধান্ত ভাৱি চিন্তিহে গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে।
উল্লেখ্য যে, ২০২১ৰ নিৰ্বাচনত ধেমাজিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হৈছিল চিত্তৰঞ্জন বসুমতাৰীয়ে। পৰৱৰ্তী সময়ত তেওঁ মাজুলীৰ উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ ভূৱন গামৰ হাতত পৰাস্ত হয়। ইয়াৰ পিছতে শুকুৰবাৰে তেওঁ সামাজিক মাধ্যমযোগে পদত্যাগৰ কথা ঘোষণা কৰিছিল।









