অসমীয়াৰাষ্ট্ৰীয়

এখন জঘন্য হিন্দী চিনেমাত কাম কৰাতকৈ দক্ষিণত খলনায়কৰ কাম কৰাটোৱে ভালঃ চনু সুদ

নিউজ ডেস্কঃ নিজৰ প্ৰতিভা আৰু দক্ষতাৰে ভাৰতীয় ছবিজগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেতাসকলৰ ভিতৰত অন্যতম চনু সুদ। প্ৰকৃত জননায়কৰ উপাধি লাভ কৰা এইগৰাকী অভিনেতাই কেৱল হিন্দী ছবিজগততে নহয়, তামিল, তেলেগু আদি দক্ষিণৰ ভাষাৰ ছবিতো প্ৰদৰ্শন কৰি আহিছে নিজৰ পাৰদৰ্শিতা।

পৰ্দায় প্ৰায়ে খলনায়কৰ চৰিত্ৰত অভিনয় কৰা চনু সুদৰ অভিনয়ে মোহাচন্ন কৰি আহিছে দৰ্শকক। দক্ষিণৰ ছবিৰ পৰাই কেৰিয়াৰৰ আৰম্ভণি কৰা অভিনেতাগৰাকীয়ে কয় যে তেওঁ এখন বেয়া হিন্দী ছবিত অভিনয় কৰাতকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিহে বেছি সুখী অনুভৱ কৰে।

image 171

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত চনুৱে এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। অলপতে এক সাক্ষাৎকাৰত তেওঁ কয়, “মই সদায় চিনেমাৰ চিত্ৰনাট্যৰ সম্পৰ্কে আপত্তি দৰ্শাই আহিছো। সেয়া লাগিলে তামিল হওঁক, তেলেগু হওঁক বা হিন্দী। দক্ষিণৰ চিনেমা উদ্যোগেহে মোক জঘন‍্য হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ পৰা নিলগত ৰাখিছে।

অন্যথা এনেকুৱা এটা সময় আহে যেতিয়া মই অনুভৱ কৰোঁ যে এখন ডাঙৰ চিনেমাত মোৰ মুখ দেখুৱাব লগাৰ খাতিৰতে মই অভিনয় কৰি আছো। দক্ষিণৰ উদ্যোগটোৱে মোক সেই পৰিস্থিতিৰ পৰা আঁতৰাই ৰাখে।”

image 172

উল্লেখযোগ্য যে চনুক শেহতীয়াকৈ ৰামচৰণ আৰু চিৰঞ্জীৱি অভিনিত তেলেগু ছবি ‘আচাৰ্য’ত খলনায়কৰ ৰূপত দেখা গৈছিল। চনুক পৰৱৰ্তী সময়ত অক্ষয় কুমাৰৰ ‘পৃথ্বীৰাজ’ত অভিনয় কৰা দেখা পোৱা যাব। তেওঁক চিনেমাখনত কবি চান্দ বৰাদাইৰ চৰিত্ৰত দেখা পোৱা যাব।

ইফালে কিছুদিন পূৰ্বে বলীউড আৰু দক্ষিণৰ ছবিৰ মাজত সূত্ৰপাত হোৱা বিতৰ্কক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে চনু সুদে। তেওঁ কয় যে কেৱল হিন্দীক ভাৰতৰ ৰাষ্ট্ৰ ভাষা বুলি ক’ব নোৱাৰি। ভাৰতৰ মাত্ৰ এটা ভাষা আছে। সেয়া হৈছে মনোৰঞ্জন। আপুনি কোনটো উদ্যোগৰ অন্তৰ্ভুক্ত সেয়া গুৰুত্বপূৰ্ণ নহয়। যদি আপুনি মানুহক মনোৰঞ্জন দিব পাৰে, তেন্তে দৰ্শকে আপোনাক ভাল পাব আৰু সন্মান কৰিব। কেৱল ভাল চিনেমাহে মানুহে গ্ৰহণ কৰে।

image 173

চনুৱে লগতে দক্ষিণৰ চলচ্চিত্ৰসমূহকো প্ৰশংসা কৰি কয় যে শেহতীয়াকৈ প্ৰায় সকলো বোৰ ছবি ব্লকবাষ্টাৰ হিট হৈছে। আৰআৰআৰ, কেজিএফ-২ ৰ দৰে ছবিৰ প্ৰশংসা কৰি চনুৱে কয় যে ভৱিষ্যতে হিন্দী ছবিৰ ধাৰাও সলনি হোৱাৰ থল আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *