প্ৰথমে মই মুছলমান, তাৰ পিছতহে ভাৰতীয়ঃ স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ মন্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ…

নিউজ ডেস্কঃ অসমৰ মিঞা মুছলমানক ইমান অপমান কিয়?

ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ মতে মাতৃ ভাষাক পাহৰি যোৱাৰ বাবেই আজি এই অৱস্থা অসমৰ মিঞা মুছলমানৰ। নিজৰ মাতৃভাষাক জলাঞ্জলি দিয়া সকলক বেইমান, গাড্ডাৰ বুলিও অভিহিত কৰিলে আজিজে।

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মাতৃভাষা আৰু মুছলমান সম্পৰ্কে এজন প্ৰাক্তন বিধায়কে কৰা মন্তব্যই এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

photo1660571781
প্ৰথমে মই মুছলমান, তাৰ পিছতহে ভাৰতীয়ঃ স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ মন্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ… 2

নিজকে প্ৰথমে মুছলমান, তাৰ পিছতহে ভাৰতীয় বুলিও অভিহিত কৰে আব্দুল আজিজে। তেওঁৰ মতে, মাতৃভাষাৰ জ্ঞান থাকিলে বাকী সকলো ভাষা আয়ত্ব কৰিব পাৰি।

কিন্তু অসমৰ মিঞা মুছলমানে আজি নিজৰ মাতৃ ভাষাক জলাঞ্জলি দি অসমীয়া ভাষা শিকিবলৈ লোৱা বাবেহে তেওঁলোক আজি অপমানৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়ে মাতৃভাষা ত্যাগ কৰা সকলক গাড্ডাৰ, বেইমান বুলিও অভিহিত কৰে আব্দুল আজিজে।

স্বাধীনতা দিৱসৰ এনে শুভক্ষণত ৰূপহীহাটৰ প্ৰাক্তন বিধায়কজনে কৰা এনে প্ৰৰোচিত মন্তব্যই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

প্ৰথমে ধৰ্ম আৰু তাৰ পিছতহে দেশৰ পৰিচয় বহন কৰা এইগৰাকী প্ৰাক্তন বিধায়কৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন জন।