চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ছ’চিয়েল মিডিয়া সম্পৰ্কীয় ১ লাখ সৰু সৰু গোচৰ প্ৰত্যাহাৰ কৰিব চৰকাৰে…

দেশজুৰি উদযাপন ৭৬ সংখ্যক স্বাধীনতা দিৱস।

খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে স্বাধীনতা সংগ্ৰামত সৰ্বস্ব উজাৰি দি দেশপ্ৰেমৰ বিৰল নিদৰ্শন দাঙি ধৰা প্ৰতিগৰাকী শ্বহীদ আৰু মুক্তিযুঁজাৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই মুখ্যমন্ত্ৰীয়ে।

পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ কথাই স্থান লাভ কৰে।

১ লাখ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত চৰকাৰৰ।

ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্টৰ বাবে দিয়া ১ লাখ সৰু সৰু গোচৰ প্ৰত্যহাৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয়- ‘অসমৰ ন্যায়পালিকাই কাম কৰিব পৰা নাই’। নিম্ন আদালতত এতিয়াও ৪.৫০ লাখ গোচৰ আবদ্ধ হৈ আছে। এই গোচৰসমূহে ন্যায় প্ৰক্ৰিয়াচ স্থবিৰতা আনিছে। যাৰ ফলত ধৰ্ষণ-হত্যাৰ দৰে গুৰুতৰ গোচৰ সমূহৰ শুনানি হোৱা নাই। অপৰাধী সকলে পোৱা নাই শাস্তি।

তেওঁ লগতে কয়- স্বাধীনতাৰ ত্ৰিৰংগা পতাকাৰ তলত থিয় হৈ মই ঘোষণা কৰিছো যে, ২০২২ চনৰ ১৪ আগষ্টৰ মাজ নিশালৈকে যি সমূহ ছ’চিয়েল মিডিয়া সম্পৰ্কীয় সৰু সৰু গোচৰ আছে তেনে এক লাখ গোচৰ আমি আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছো।