ৰাষ্ট্ৰীয়অসমীয়া

প্ৰতিশ্ৰুতি পূৰণ! মাতৃ দিৱসত ইডলি আম্মাক নতুন ঘৰ উপহাৰ দিলে আনন্দ মহিন্দ্ৰাই…

নিউজ ডেস্ক। প্ৰতিশ্ৰুতি পূৰণ! অৱশেষত পকী ঘৰ লাভ কৰিলে ১ টকাত ইডলি-দাইল বিতৰণ কৰা তামিলনাডুৰ ইডলি আম্মাই।

দেশৰ আগশাৰীৰ উদ্যোগপতি আনন্দ মহিন্দ্ৰাই‌ মাতৃ দিৱস উপলক্ষে ইডলি আম্মাক উপহাৰ হিচাপে প্ৰদান কৰে এটা সুন্দৰ ঘৰ।‌

উল্লেখ্য যে ইডলি আম্মাৰ কাহিনীটো ২০১৯ চনত ইণ্টাৰনেটত ভাইৰেল হৈছিল।

G3 7

মহিন্দ্ৰাই ইন্টাৰনেট যোগেই তেওঁৰ বিষয়ে জানিবলৈ পাইছিল আৰু এপ্ৰিল ২੦২১ ত এটা টুইট শ্বেয়াৰ কৰিছিল য’ত তেওঁ ইংগিত দিছিল যে ইডলি আম্মাই শীঘ্ৰেই ঘৰত ৰন্ধা খাদ্য পৰিৱেশন কৰিবলৈ তেওঁৰ নিজৰ ঘৰ থাকিব।

তেওঁৰ ব্যৱসায়ত ‘বিনিয়োগ’ কৰিবলৈ পালে সুখী হ’ম- বুলি উল্লেখ কৰিছিল মহিন্দ্ৰাই।

দেওবাৰে মাতৃ দিৱসৰ দিনটোত তেওঁ সেই প্ৰতিশ্ৰুতি পূৰণ কৰে।

2 2 1

মাতৃ দিৱসৰ দিনটোত মহিন্দ্ৰাই ইডলি আম্মাক তেওঁৰ নতুন ঘৰত প্ৰৱেশ কৰা এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰি লিখিলে; ” তেওঁ এগৰাকী মাতৃৰ গুণৰ মূৰ্তি: লালন পালন, যত্নশীল আৰু নিস্বাৰ্থ সেৱাই তেওঁৰ ধৰ্ম। ঘৰটোৰ নিৰ্মাণ সময়মতে সম্পূৰ্ণ কৰি ইডলি আম্মাক উপহাৰ দিয়াৰ যোগ্য কৰাৰ বাবে আমাৰ দলটোক অপৰিসীম কৃতজ্ঞতা। লগতে আপোনালোক সকলোকে মাতৃ দিৱসৰ শুভেচ্ছা।‌”

কমলাথাল, যাক ইডলি আম্মা বুলিও জনা যায়, তামিলনাডুৰ পেৰুৰ ওচৰৰ ভাদিভেলাম্পালায়াম নামৰ এখন গাঁৱত বাস কৰে।

তেওঁ প্ৰায় ৩৭ বছৰ ধৰি কেৱল ১ টকাৰ বাবদ সম্ভাৰ আৰু চাটনিৰ সৈতে ইডলি বিক্ৰী কৰি আহিছে। তেওঁ সূৰ্য্যোদয়ৰ পৰা ইডলি প্ৰস্তুত কৰা আৰম্ভ কৰে আৰু মুখ্যতঃ দৈনিক মজুৰী শ্ৰমিকসকলক সেৱা আগবঢ়ায়।

উদ্যোগপতি আনন্দ মাহিন্দ্ৰাৰ এই মহানুভৱতাৰ বাবে সকলোৰে পৰা প্ৰসংশা বুলিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *