অসমঅসমীয়া

হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

নিউজ ডেস্ক। আকাশ মাৰ্গত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল সাংসদ কামাখ্যা প্ৰসাদ তাছা।

মাজ আকাশত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সন্মুখীন হোৱাৰ পিছত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় সাংসদ গৰাকীয়ে যাত্ৰা কৰা হেলিকপ্টাৰখন।

1 1

জানিব পৰা মতে, একেখন হেলিকপ্টাৰেৰে যাত্ৰা কৰি আছিল কেন্দ্ৰীয় মন্ত্ৰী জন বাৰলাও।

ম্যানমাৰ সীমান্তৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু সাংসদগৰাকী উভতি অহাৰ সময়তে প্ৰায় ১০ মিনিট সময় আকাশমাৰ্গত প্ৰবল ধুমুহা-বৰষুণৰ সন্মুখীন হয়।

যাৰ ফলত আইজলত তেওঁলোকৰ হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰোৱায় পাইলটে।

ইফালে পাইলটৰ তৎপৰতাৰ বাবেই জন বাৰলা আৰু কামাখ্যা প্ৰসাদ তাছাৰ জীৱন ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে।

photo 2022 05 05 15 24 49

উল্লেখ্য যে, প্ৰতিকূল বতৰৰ মাজত হেলিকপ্টাৰ যাত্ৰা সদায় বিপজ্জনক প্ৰমাণিত হৈ আহিছে।

যোৱা বছৰ প্ৰতিকুল বতৰৰ বাবেই সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হৈছিল দেশৰ চিডিএছ বিপিন ৰাৱাটে।

G4 3

সামাজিক মাধ্যমত তাছাই নিজেই প্ৰকাশ কৰি কয়, ‘হেলিকপ্টাৰৰ দুৰ্ঘটনা হোৱা শুনিবলৈ পাওঁ আৰু ইয়াৰ ফলাফল সকলোৱে জানে। আনহাতে কিছু সংখ্যক লোক ঈশ্বৰৰ কৃপাত ৰক্ষা পৰা কথাও সকলোৱে জানে। এনে ঘটনাৰ সাক্ষী হলো কিছু সময়ৰ বাবে।’

p2 4

তেওঁ লগতে কয়, ‘মিজোৰামৰ চিহা পৰা আইজ্বল পথেৰে গলে দহ ঘণ্টাৰ ওৰাত লাগে, হেলিকপ্টাৰত চল্লিশ মিনিট। স্বাভাৱিক ভাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল।এনেও যাত্ৰী অনা নিয়াৰ বাবে এই ক্ষেত্ৰত ব্যৱহাৰ কৰে। ভাৰত ম্যানমাৰ সীমান্তৰ পৰা মই আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্রী জন বাৰলা লগতে তিনি গৰাকী ঘূৰি আহোঁতে দহ মিনিট মানৰ বাবে প্ৰচণ্ড বতাহ আৰু বৰষুণত মাজত আকাশত সোমাই পৰো। বতৰৰ আগজাননী থাকিলেও উত্তৰ পূৰ্বাঞ্চলৰ লগতে পাহাৰীয়া ৰাজ্য সমূহত বতৰ হঠাৎ পৰিৱৰ্তন হয়।পাইলটৰ বিচক্ষণতাৰ বাবে আইজ্বলত আমি সুকলমে অৱতৰণ কৰো।’

‘

Leave a Reply

Your email address will not be published. Required fields are marked *