অসমীয়া

কেৱল গাখীৰৰহে দাম বাঢ়িছে! মূল্যবৃদ্ধিক লৈ এইবাৰ মন্তব্য খােদ যোগান মন্ত্ৰীৰ

নিউজ ডেস্কঃ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাৰ মূৰত। কি পেট্ৰ’ল-ডিজেল, কি মিঠাতেল, গেছ চিলিণ্ডাৰ… প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যই চিন্তাত পেলাইছে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক।

কিন্তু তাৰ পিছতো শাসকীয় দলৰ নেতা-মন্ত্ৰী-বিধায়কে কৰি আহিছে অদ্ভূত, আশ্বৰ্যকৰ মন্তব্য। মূল্যবৃদ্ধিক লৈ তেওঁলোকে কৰা টুলুঙা মন্তব্যই সৃষ্টি কৰি আহিছে প্ৰতিক্ৰিয়াৰ।

মূল্যবৃদ্ধিক লৈ এইবাৰ খোদ যোগান মন্ত্ৰীয়েই কৰিলে টুলুঙা মন্তব্য। অসমত কেৱল গাখীৰৰহে দাম বাঢ়িছে বুলি কৈ মূল্যবৃদ্ধিৰ দৰে জলন্ত সমস্যাটোকে যেন তৰল কৰি পেলালে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

মূল্যবৃদ্ধিৰ বিষয়টো এটা ৰাষ্ট্ৰীয় বিষয় বুলি নিজৰ দায় প্ৰধানমন্ত্ৰীৰ গালৈ ঠেলি দি দায়সৰা মন্তব্য কৰা ৰঞ্জিত দাসে পুনৰ কয় যে অসমত এইবাৰ প্ৰচুৰ পৰিমাণে সৰিয়হৰ খেতি হৈছে। গতিকে মিঠাতেলৰ দাম নিশ্চয় হ্ৰাস পাব। মন্ত্ৰীগৰাকীৰ মতে, মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।

মূল্যবৃদ্ধিৰ বাবে দৰিদ্ৰ জনতাই লঘোণে থাকিবলগীয়া হোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পিছতো দায়িত্বশীল যোগানমন্ত্ৰীজনে দাবী কৰে যে বিজেপি চৰকাৰে সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰাখি যোৱা ২৫ বছৰৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে।

অসমত ইমান বছৰৰ মূৰত দাম সুস্থিৰ কৰি ৰখাৰ বাবে তেওঁ বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদো জনায়।

উল্লেখ্য, ৰাজ্যত এতিয়া ৫ টকাৰ পৰা ৩৫ টকালৈ বৃদ্ধি পাইছে প্ৰতিলিটাৰ মিঠাতেলৰ দাম। সমান্তৰালভাৱে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰো দামৰ প্ৰকোপ বাঢ়িছে।

আনহাতে চৰকাৰে ধৰ্মৰ ৰাজনীতিত ব্যস্ত থকাৰ বাবে মূল্যবৃদ্ধিৰ দৰে বিষয়ত চিন্তা কৰিবলৈ আহৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *