আন্তঃৰাষ্ট্ৰীয়অসমীয়া

প্ৰকৃত প্ৰেমৰ নিদৰ্শন দাঙি ধৰি বিবাহৰ সিদ্ধান্ত জটিল ৰোগত আক্ৰান্ত প্ৰেমিক যুগলৰ

নিউজ ডেস্ক। কোৱা হয়, প্ৰেম এক চিৰন্তন ঐশ্বৰিক অনুভূতি।

প্ৰেম কৰা নহয়, প্ৰেম হৈ যায়। আৰু এই প্ৰেমৰে সফল পৰিনতি হৈছে বিবাহ। কিন্তু বহু সময়ত প্ৰেমৰ সফল পৰিনতি সম্ভৱ হৈ নুঠে। যাৰ বাবে প্ৰেম হৈ পৰে বিষাদ.. বেদনা!

কিন্তু মিছিগানৰ এহাল প্ৰেমিক-প্ৰেমিকাই গ্ৰহণ কৰা এক সিদ্ধান্তই এতিয়া দখল কৰিছে বাতৰিৰ শিৰোনাম। এইহাল প্ৰেমিক-প্ৰেমিকাই গ্ৰহণ কৰা জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই আজি লাভ কৰিছে চৰ্চা।

1 5

দৰাচলতে, এই প্ৰেমিক যুগল আক্ৰান্ত কৰ্কট ৰোগত। চিকিৎসকৰ মতে, প্ৰেমিক স্লেংকৰ স্বাস্থ্য কিছু জটিল। অৱশ্যে প্ৰেয়সী মাৰিয়া সুস্থ হৈ উঠিব বুলি চিকিৎসকে আশ্বাস দিছে।

কিন্তু জীৱনৰ এনে কঠিন সময়তো এইহাল প্ৰেমিক-প্ৰেমিকাই বিচাৰিছে একলগ হোৱাৰ। সেয়ে তেওঁলোকে দুৰাৰোগ্য কৰ্কট ৰোগকো প্ৰত্যাহ্বান জনাই আৰম্ভ কৰিবলৈ ওলাইছে তেওঁলোকৰ বৈবাহিক জীৱন।

দৰাচলতে ২৪ বছৰীয়া ক্লে স্লেংক আৰু ২৩ বছৰীয়া মাৰিয়া নেলেছনৰ মাজত দীৰ্ঘদিনৰ পৰাই আছিল প্ৰেমৰ সম্পৰ্ক। ২০২০ চনতেই তেওঁলোকে যুগ্ম জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল যদিও বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কোভিড পৰিস্থিতিৰ বাবে স্থগিত হৈ পৰিছিল তেওঁলোকৰ বিবাহৰ অনুষ্ঠান।

1 6 edited

পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ জানুৱাৰীত তেওঁলোকে বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত লয়। কিন্তু তাৰ পূৰ্বেই চিকিৎসকে জানিবলৈ দিয়ে- প্ৰেমিক-প্ৰেমিকা দুয়োজনেই আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত।

নিমিষতে চকুৰ সন্মুখত অন্ধকাৰে ছানি ধৰা প্ৰেমিক যুটিটোৱে পিছে সকলো বাধাক প্ৰত্যাহ্বান জনাই পুনৰ সপোন দেখে একলগ হোৱাৰ। আমৃত্যু একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে ৯ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু চিকিৎসাজনিত কাৰণত পুনৰ পিছুৱাবলগীয়া হয় তেওঁলোকৰ বিবাহৰ কাৰ্যসূচী।

এইবাৰ জুন মাহত বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে প্ৰেমিক যুটীটোৱে। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কক অন্ততঃ মৃত্যুৰ পূৰ্বে সামাজিক মৰ্যাদা প্ৰদানৰ পৰিকল্পনা কৰিছে স্লেংক আৰু মাৰিয়াই।

তেওঁলোকৰ এই বিবাহৰ বাতৰিয়ে এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে তীব্ৰ চৰ্চা। বিবাহৰ পূৰ্বেই অগণন জনে তেওঁলোকক জনাইছে বৈবাহিক জীৱনৰ শুভকামনা।

লগতে চাওকঃ

বিমান বন্দৰত পৰীক্ষা কৰা হ’ল জ্যষ্ঠ IPS বিষয়াৰ ছ্যুটকেছ, ভিতৰত থকা বস্তু দেখি হতভম্ব সকলো

G3 19

Leave a Reply

Your email address will not be published. Required fields are marked *