অসম

প্ৰকৃতিৰ ভয়াৱহ ৰূপ! ভয়াৱহ বানত প্ৰাণ গ’ল ১৭ জনকৈ লোকৰ…

প্ৰকৃতৰ ভয়াৱহ ৰূপ। অন্ধ্ৰ প্ৰদেশত অপৰিৱৰ্তিত বান পৰিস্থিতি।

ভয়াৱহ বানত প্ৰাণ গ’ল ১৭ জনকৈ লোকৰ।

আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত ১০০ ৰো অধিক লোক সন্ধানহীন হৈ আছে।

আনকি বৰষুণৰ ফলত ৰাজ্যখনৰ অনন্তপুৰ জিলাৰ কাদিৰী কম্বেত খহি পৰিছে ৩ মহলীয়া অট্টালিকা।

যাৰ ফলত ৩টা শিশুৰ লগতে মৃত্যু হৈছে এগৰাকী বৃদ্ধৰ।

আনহাতে ধ্বংসস্তুপত আন ৪গৰাকী লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

ৰাজ্যখনৰ দক্ষিণ প্ৰান্তৰ চাৰিখন জিলা ক্ৰমে চিটুৰ, কড়াপা, কাৰণ’ল আৰু অনন্তপুৰ আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে চিহ্নিত হৈছে।

প্ৰকাশিত তথ্য অনুসৰি বৰষুণ ফলত সৃষ্টি হোৱা বানত কমেও ১,৫৪৪ টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পানীত বুৰ গৈছে ৩.৪ হেক্টৰ কৃষি ভূমি।

আনহাতে শ-শ পোহনীয়া জন্তুই হেৰুৱাইছে প্ৰাণ। খবৰ অনুসৰি ৮,২০৬.৫৭ লাখ টকাৰ সম্পত্তি বিনষ্ট হৈছে।

ইতিমধ্যে স্থানীয় প্ৰশাসনে অনুসন্ধান, উদ্ধাৰৰ লগতে সাহায্য অভিযান অব্যাহত ৰাখিছে্।

Leave a Reply

Your email address will not be published. Required fields are marked *