তিনিচুকীয়াত পেৰাগ্লাইডিং কৰি থকা অৱস্থাতে ওপৰৰ পৰা সৰি পৰি কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে…

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা। তিনিচুকীয়াৰ এখন ৰিজ’ৰ্টত অঘটন।

পেৰাগ্লাইডিং কৰি থকা অৱস্থাতে ওপৰৰ পৰা সৰি পৰি কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে।

তিনিচুকীয়া জিলাৰ গুইজানৰ ডিব্ৰু নদীৰ পাৰত অস্থায়ীভাৱে স্থাপন কৰা এখন ৰিজৰ্টত পেৰাগ্লাইডিং কৰি থকা সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

মৃত্যু হোৱা লোকজন লখিমপুৰ জিলাৰ পংকজ গগৈ বুলি জানিব পৰা গৈছে।

222

জানিব পৰা মতে, প্ৰথমে পেৰাগ্লাইডিং কৰি থকাৰ সময়তে ওপৰৰ পৰা সৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পংকজ গগৈ।

তাৰ পিছতে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও যুৱকজনৰ মৃত্যু হয়।

এখন জীপ বাহনৰ সৈতে ৰছীৰে সংলগ্ন আছিল যুৱকজনৰ পেৰাচ্যুট। কিন্তু জীপ গাড়ীখন চলি থকাৰ সময়তে পেৰাচ্যুটৰ বিসংগতিৰ বাবে মাজ আকাশত থকা যুৱকজন তললৈ সৰি পৰি গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়ত মৃত্যু ঘটে পংকজ গগৈ নামৰ যুৱকজনৰ।

11

জানিব পৰা মতে, গুইজানৰ ডিব্ৰু নদীৰ বালিচৰত সঞ্জয় দাস আৰু প্ৰসন্ন দাস নামৰ দুজন ব্যক্তিয়ে অবৈধভাৱে স্কাইলেণ্ড নামৰ ৰিজৰ্টখন স্থাপন কৰা বুলি বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকসকলে অভিযোগ তুলি আহিছে।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ ছেনচিটিভ জ’নৰ ভিতৰত নীতি-বৰ্হিভূতভাৱে স্থাপন কৰা ৰিজৰ্টখন জিলা প্ৰশাসনে বন্ধ কৰাৰ নিৰ্দেশ দিছিল যদিও পুনৰ কেনেদৰে ৰিজৰ্টখনে ব্যাৱসায় চলাই গৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

লগতে চাওকঃ

বিলাসী গাড়ী-ঘােঁৰাত নহয়, এছকেভেটৰত উঠি কইনা ঘৰত উপস্থিত হ’ল দৰা!

G9

অবৈধভাৱে কয়লা খনন কৰি থকাৰ সময়তে সংঘটিত দুৰ্ঘটনা, একে পৰিয়ালৰ ৪ জনৰ মৃত্যু

G8

Leave a Comment