অসম

IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু…

IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু।

গণৰাজ্য দিৱসৰ দিনটোতে ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী চমুকৈ আইআইটি, গুৱাহাটীত এজন গৱেষক ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি শিক্ষানুষ্ঠানখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃত ছাত্ৰজনৰ নাম প্ৰশান্ত কুমাৰ আৰুখা (২৫) আৰু ঘৰ ওড়িশাত।

প্ৰশান্ত কুমাৰ আৰুখৰ মৃতদেহ আই আই টি গুৱাহাটীৰ কপিলি হোষ্টেল ছাত্ৰাবাসৰ বিছনাত উদ্ধাৰ হয়।

ছাত্ৰাবাসৰ সহযোগী ছাত্ৰৰ ভাষ্যনুসৰি, প্ৰশান্তই দুদিন ধৰি হোষ্টেলৰ দৰ্জা নোখোলাত আই আই টিৰ সুৰক্ষা কৰ্মীক বিষয়টো অৱগত কৰে।

সুৰক্ষাকৰ্মীয়ে দৰ্জা ভাঙি কোথাত প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে ছাত্ৰজনক।

পিছত আই আই টি কৰ্তৃপক্ষই ততাতৈয়াকৈ ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে প্ৰশান্তক মৃত বুলি ঘোষণা কৰে।

ঘটনাস্থলীত আমিনগাঁও আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ তদন্ত  আৰম্ভ কৰে।

পৰিয়ালৰ উপস্থিতিত ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বৰ্তমানলৈ গৱেষক ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

ছাত্ৰজনক হত্যা কৰা হৈছে নে আত্মহত্যা নে আকস্মিক মৃত্যু হৈছে সেই কথা মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *