অসমীয়াঅসম

পূৰণ নহ’ল অসম আৰক্ষীত যােগদানৰ সপােন! অনুশীলনৰ সময়তে তীব্ৰবেগী ট্ৰাকে কাঢ়ি নিলে ৩ বন্ধুসহ ৫ জনৰ প্ৰাণ

নিউজ ডেস্কঃ সদ্য ঘোষিত অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাই সপোন দেখিবলৈ সাহস দিছে বহু যুৱক-যুৱতীক। নিকা আৰু স্বচ্ছলতাৰে কেৱল অধ্যাৱসায় আৰু পৰিশ্ৰমেৰে এটা চৰকাৰী সংস্থাপন লাভ কৰাৰ আশাই পোখা মেলিছিল উঠি অহা প্ৰজন্মৰ মনত।

অসমত আৰক্ষীত নিযুক্তিৰ সুযোগ লাভৰ আশাৰে পুৱা দৌৰিবলৈ ওলাই অহা তিনি কিশোৰৰ সপোন নিমিষতে হৈ পৰিল চূৰ্ণ বিচূৰ্ণ।

photo1653374822

অনিয়ন্ত্ৰিত ট্ৰাকৰ খুন্দাত ছিপাঝাৰত মঙলবাৰে পুৱা যি ৫ জন লোকে প্ৰাণ হেৰুৱায়, তাৰ ভিতৰত আছিল অসম আৰক্ষীত যোগদানৰ বাবে অনুশীলন চলাই থকা জিন্টুমণি, ইমদাদুল আৰু ৰেকিবও।

photo1653374061

উল্লেখ্য যে, মঙলবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই অহা কেইবাজনো লোকক ছিপাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত মহতিয়াই থৈ যায় এখন দ্ৰুতবেগী নিয়ন্ত্ৰনহীন ট্ৰাকে। দুৰ্ঘটনাত নিহতৰ সংখ্যা এতিয়ালৈকে ৫ জনলৈ বৃদ্ধি পাইছে। আনহাতে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৩ জন লোক।

photo1653374130

নিহত সকলক ক্ৰমে- সংগীতা দেৱী, জয়মতী বৰুৱা, জিণ্টুমণি আহমেদ, ইমদাদুল হক আৰু ৰেকিব আলী বুলি চিনাক্ত কৰা হৈছে। এই মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ছিপাঝাৰবাসীক আজি শোকবিহ্বল কৰি তুলিছে।

photo1653374242

জানিব পৰা মতে, অসম আৰক্ষীৰ বাবে অনুশীলন কৰি আছিল তিনি বন্ধু জিন্টুমণি, ইমদাদুল আৰু ৰেকিবে। তিনিওজন বন্ধুৱেই আছিল এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ্থী। পুৱা তেওঁলোকে দৌৰিবলৈ ওলাই গৈছিল একেলগে। কিন্তু ঘৰলৈ উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱায় একেলগে তিনি বন্ধুৱে।

photo1653374787

ইফালে এই শোকৰ খবৰ লাভ কৰাৰ পিছতে কান্দোনৰ ৰোল উঠিছে নিহত সকলৰ পৰিয়ালত।

Leave a Reply

Your email address will not be published. Required fields are marked *