পূজাৰ আনন্দৰ মাজতে শোকাৱহ ঘটনা, বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত আকস্মিক মৃত্যু অসমৰ যুৱকৰ…

দুৰ্গা পূজাৰ আনন্দৰ মাজতে এক শোকাৱহ ঘটনা।

বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত আকস্মিক মৃত্যু এগৰাকী অসমৰ যুৱকৰ।

মৃত যুৱকজন চিলাপথাৰৰ ফুলবাৰী নগাঁৱৰ বাসিন্দা কমল শৰ্মাৰ ২২ বছৰীয়া পুত্ৰ সুমন শৰ্মা বুলি জানিব পৰা গৈছে।

যুৱকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

জানিব পৰামতে, অতি দৰিদ্ৰ পৰিয়ালটিৰ পুত্ৰ সুমনে বিগত দুবছৰ ধৰি বাংগালুৰুত এটি বেচৰকাৰী প্ৰতিষ্ঠানত শ্ৰমিক হিচাপে কৰ্মৰত আছিল।

যুৱকজনৰ আকস্মিক অকাল বিয়োগত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।