পত্নীক হত্যাৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিল স্বয়ং আৰক্ষীৰ জোৱান…

এইবাৰ আৰক্ষীৰ হাততে আটক হ’ল আৰক্ষী।

পত্নীক হত্যাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ’ল হ’ল এগৰাকী আৰক্ষীৰ জোৱান।

ঘটনাটো সংঘটিত হৈছে ৰূপহীৰ জুৰীয়াত।

আটকাধীন আৰক্ষী জোৱানজন হৈছে চামুগুৰীৰ বাবুল আলী।

জানিব পৰামতে, নিজ পত্নীৰ সৈতে ফুৰিবলৈ আহিছিল জুৰীয়াৰ দগাঁওস্থিত তেওঁৰ কুতুম্বৰ ঘৰলৈ। কিন্তু কিবা কাৰনত পত্নীৰ ওপৰত খং উঠাত পত্নীৰ মূৰত দাৰে ঘঁপিয়াই দিয়ে বাবুল আলীয়ে।

বৰ্তমান পত্নীগৰাকী গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দগাঁও পোহৰা চকীৰ আৰক্ষীয়ে আৰক্ষী জোৱান বাবুল আলীক গ্ৰেপ্তাৰ কৰি জুৰীয়া আৰক্ষী থানালৈ লৈ আহে।