চাঞ্চল্যকৰ! পূজাৰ বজাৰ কৰিবলৈ গৈ আজিও সন্ধানহীন বোৱাৰী জুৰি কলিতা, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।

পূজাৰ বজাৰ কৰিবলৈ গৈ আজিও সন্ধানহীন এগৰাকী বোৱাৰী

কামৰূপ জিলাৰ পলাশবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা।

সন্ধানহীন মহিলাগৰাকী সানপাৰা গাঁৱৰ চন্দন কলিতাৰ ২৪ বছৰীয়া পত্নী জুৰি কলিতা বুলি জানিব পৰা গৈছে।

image 41
চাঞ্চল্যকৰ! পূজাৰ বজাৰ কৰিবলৈ গৈ আজিও সন্ধানহীন বোৱাৰী জুৰি কলিতা, পৰিয়ালত হাহাকাৰ... 3

জানিব পৰামতে, যোৱা ২৯ ছেপ্তেম্বৰত দক্ষিণ কামৰূপৰ সানপাৰা গাঁৱৰ নিজ গৃহৰ পৰা জুৰি কলিতা নামৰ মহিলাগৰাকীয়ে ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ স্বৰূপ বিজয়নগৰলৈ পূজাৰ বজাৰ কৰিবলৈ ওলাই গৈছিল।

কিন্তু পূজাৰ বজাৰ কৰিবলৈ ওলাই যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে জুৰি কলিতা নামৰ মহিলাগৰাকী।

image 42
চাঞ্চল্যকৰ! পূজাৰ বজাৰ কৰিবলৈ গৈ আজিও সন্ধানহীন বোৱাৰী জুৰি কলিতা, পৰিয়ালত হাহাকাৰ... 4

ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বোৱাৰীগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

কোনো সদাসয় লোকে বোৱাৰীগৰাকীৰ কিবা সন্ধান পালে ওচৰৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।