এতিয়াও সংকটজনক কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য! এইমছত হৈ আছে চিকিৎসাধীন

নিউজ ডেস্কঃ এতিয়াও সংকটজনক অৱস্থাতে আছে দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, এতিয়াও মগজুৱে কাম কৰা নাই কমেডিয়ান গৰাকীৰ। চিকিৎসকে জানিবলৈ দিয়া মতে, শুকুৰবাৰে তেওঁৰ স্বাস্থ্যৰ কিছু উন্নত হ’লেও সংকট মাৰ যোৱা নাই।

উল্লেখ্য যে, বুধবাৰে হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পিছতে ৰাজু শ্ৰীবাস্তৱক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। খবৰ অনসৰি, শাৰীৰিক চৰ্চা কৰি থকাৰ সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰিছিল কমেডিয়ানগৰাকী।

image 92
এতিয়াও সংকটজনক কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য! এইমছত হৈ আছে চিকিৎসাধীন 3

দেশৰ অন্যতম জনপ্ৰিয় কমেডিয়ান গৰাকীক হাস্পতালত ভৰ্তি কৰাৰ পিছতে তেওঁৰ অসংখ্য অনুৰাগী চিন্তিত হৈ পৰে। বৰ্তমান চিকিৎসকৰ অহৰহ নিৰীক্ষণত থকা ৰাজু শ্ৰীবাস্তৱৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে তেওঁৰ অলেখ অনুৰাগীয়ে।

ৰাজু শ্ৰীবাস্তৱৰ সহায়ক অজিত ছাক্সেনাই সংবাদ মাধ্যমৰ আগত কয় যে কমেডিয়ানগৰাকীয়ে এটা বিশেষ ৰাজনৈতিক দলৰ এগৰাকী নেতাক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ আহিছিল আৰু এখন হোটেলত বাহৰ পাতি আছিল। বুধবাৰে পুৱা তেওঁ হোটেলৰ জিমত শৰীৰ চৰ্চা কৰি থকাৰ সময়তে হঠাৎ বুকুৰ বিষ অনুভৱ কৰে। মজিয়াত ঢলি পৰা কমেডিয়ানগৰাকীক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় শ্ৰীবাস্তৱক।

image 93
এতিয়াও সংকটজনক কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য! এইমছত হৈ আছে চিকিৎসাধীন 4

ষ্টেণ্ডআপ কমেডিয়ান হিচাপে ৰাজু শ্ৰীবাস্তৱ অতি জনপ্ৰিয়। তেওঁ দেশ-বিদেশত শ্ব’ প্ৰদৰ্শন কৰে। কিন্তু কেৱল ষ্টেণ্ডআপ কমেডিয়েই নহয়, ৰাজুৱে চিনেমাত অভিনয় কৰিও দৃষ্টি আকৰ্ষণ কৰিছে। স্বাভাৱিকতে ৰাজু শ্ৰীবাস্তৱৰ শাৰীৰিক অসুস্থতাৰ খবৰ পাই অনুৰাগীসকল বিচলিত হৈ পৰে। অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত কমেডিয়ানগৰাকীৰ আৰোগ্য কামনা কৰিছে।