অসম

পুৱাই মাজুলীৰ গড়মূৰ থানাত উপস্থিত SI জোনমণি ৰাভা…

বৃহস্পতিবাৰে পুৱাই মাজুলীত উপস্থিত হয় SI জোনমণি ৰাভা।

মাজুলীৰ গড়মূৰ থানাত পুৱাই মাতৃৰ সৈতে প্ৰত্যক্ষ কৰা হয় SI জোনমণি ৰাভাক।

গড়মূৰ থানাই আজি সোধাপোচাৰ বাবে তলব কৰিছিল জোনমণি ৰাভাক।

ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা পগাগ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ তুলিছিল কেইবাগৰাকীও ভুক্তভোগীয়ে।

image 17

মাজুলীত কৰ্মৰত হৈ থকা অৱস্থাত জোনমণি ৰাভাই ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ তুলিছিল অজিত বৰা, ৰাম অৱতাৰ শৰ্মা আৰু ৰঞ্জন কুটুমে।

ভুক্তভোগী অজিত বৰাই দিয়া এজাহাৰৰ ১নং পাদকীয়া আছিল SI জোনমণি ৰাভা।

মাজুলীত ৰুজু হোৱা তিনিটা গোচৰৰ সংক্ৰান্তত গড়মূৰ আৰক্ষীয়ে তলব কৰিছে জোনমণি ৰাভাক।

আৰক্ষীৰ তদন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *