অসম

চুৰি কৰি অনা দুখন বাহনসহ আৰক্ষীৰ জালত ৫ টাকৈ কুখ্যাত গাড়ীচোৰ…

চুৰি কৰি অনা দুখন বাহনসহ আৰক্ষীৰ জালত ৫ টাকৈ কুখ্যাত গাড়ীচোৰ।

বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে পুৱতি নিশালৈকে অভিযান চলায় ৫জন গাড়ী চোৰ কৰায়ত্ব কৰে।

ধৃত গাড়ী চোৰ কেইটা ধুবুৰী জিলাৰ মহিদুল ইছলাম, মফিজুল ইছলাম, ইমান আলী শ্বেখৰ লগতে বৰপেটা জিলাৰ বাহাৰুল ইছলাম আৰু সাগৰ আলী।

ধৃত চোৰ কেইটাৰ পৰা আৰক্ষীয়ে এ এছ ১৬এচি ২৮১২ নম্বৰৰ বলেৰ পিক আপ ভান আৰু এখন নম্বৰ বিহীন পালচাৰ বাইক জব্দ কৰে।

বৰপেটাৰোড থানাৰ ওচি বিপুল কলিতাৰ নেতৃত্বত চলে এই অভিযান।

ধৃত চোৰ কেইটাই বলেৰখন কোকৰাঝাৰৰৰ পৰা চুৰি কৰি ডিমাপুৰ হৈ নাগালেণ্ডলৈ নিয়াৰ পাং পাতিছিল।

চোৰ কেইটাৰ পৰা পাচটা মবাইলো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *