অসম

এতিয়াৰ পৰা DTOৰ চহী নোহোৱাকৈয়ে লাভ কৰিব বাহনৰ RC: মুখ্যমন্ত্ৰী…

ড্ৰাইভিং লাইচেন্স আৰু RCৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

এতিয়াৰ পৰা DTOৰ চহী নোহোৱাকৈয়ে লাভ কৰিব বাহনৰ RC

পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নহাকৈ সাধাৰণ জনতাই যাতে সকলো প্ৰয়োজনীয় কাম ঘৰৰ পৰাই সম্পন্ন কৰিব পাৰে সেইদিশটোলৈ লক্ষ্য ৰাখি বহু কেইটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সবিশেষ জনায়।

তেওঁ কয়- ‘পূৰ্বতে ডিলাৰে বাহনৰ পঞ্জীয়ন পত্ৰ দিব নোৱাৰে। আৰচিৰ বাবে ৭ দিন অপেক্ষা কৰিবলগীয়া হৈছিল। এতিয়াৰ পৰা ডিলাৰেই ডিটিওৰ হৈ আৰচিত স্বাক্ষৰ কৰিব পাৰিব।

বাহনৰ ৰিনিউৱেল, ডাইভিং লাইচেন্সৰ কাম, যিকোনো ড্ৰাইভিং লাইচেন্স সংক্ৰান্তীয় কাম কৰিব পাৰিব অনলাইনৰ জৰিয়তে।

নতুন গাড়ী, মটৰ ক্ৰয় কৰিলে জিলা পৰিবহণ বিষয়াৰ চহী অবিহনেই লাভ কৰিব RC

আজিৰ পৰা অনলাইনৰ জৰিয়তেই লাইচেন্সৰ যিকোনো তথ্যপাতি শুদ্ধ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *