অসম

ড০ নগেন শইকীয়াৰ মন্তব্য নিৰ্লজ্জ, শইকীয়াই ক্ষমা খোজকঃ পৰেশ বৰুৱা…

বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই পৃথক বৰাক ৰাজ্য গঠনক লৈ কৰা মন্তব্যৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত এইবাৰ মুখ খুলিছে আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাই।

ড° নগেন শইকীয়াক ক্ষমা খোজাৰ দাবী তুলিছে পৰেশ বৰুৱাই।

ড০ নগেন শইকীয়াৰ মন্তব্য অতি নিৰ্লজ্জ বুলি উল্লেখ কৰে পৰেশ বৰুৱাই।

পৰেশ বৰুৱাই কয়- ‘মূৰৰ বিষ হ’লেই মূৰটো কাটি পেলাব নেকি? ড° শইকীয়াৰ মন্তব্য অতি নিৰ্লজ্জ৷ ড° শইকীয়াৰ দৰে গণ্যমান্য ব্যক্তিয়ে এনে মন্তব্য কৰিব নালাগে৷ নিজৰ মন্তব্যতে তেওঁ গৰিমা ম্লান কৰিছে৷ ড° শইকীয়াই অসমবাসীৰ ওচৰত ক্ষমা খোজক।’

লগতে কয়- প্ৰদীপ দত্ত ৰায়ৰ কোনো অৰিহনা নাই৷ দত্ত ৰায়ৰ কথা মতেই নচলিব৷ বৰাকত অসমীয়া চলিবই৷ বাংলা ভাষা সহযোগী ভাষাহে৷ কাছাৰ কছাৰী ৰজাৰ ৰাজত্ব আছিল৷ কাছাৰক আমি বাংলা ভাষীৰ হাতত এৰি নিদিও লাগিলে কছাৰী, মণিপুৰীয়ে ৰাজত্ব কৰিব৷ সাতভনীৰ হ’ব পাৰে কিন্ত বঙালীৰ হ’ব নোৱাৰে৷ কাছাৰত আমি WESEAৰ ৰাজধানী পাতিম৷’

উল্লেখ্য যে, শুকুৰবাৰে ভাষা ৰক্ষাৰ স্বাৰ্থত বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰিছিল বৰেণ্য সাহিত্যিক ড০ নগেন শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *