ৰাষ্ট্ৰীয়অসমীয়া

পুনৰ লাইনচ্যুত হ’ল অভিশপ্ত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন, ব্যাহত ৰে’ল চলাচল

নিউজ ডেস্ক। পুনৰ লাইনচ্যুত হ’ল অভিশপ্ত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছৰ ৰে’লৰ ইঞ্জিন।

শনিবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হয় শিলিগুৰি জাংচনৰ।

জানিব পৰা মতে, বিগত ১৩ জানুৱাৰীত দুৰ্ঘটনাত পতিত হােৱা ৰে’লখনৰ ইঞ্জিন মেৰামতিৰ বাবে শিলিগুৰি জাংচনৰ ডিজেল শ্বেডলৈ অনা হৈছিল তেতিয়া এই দুৰ্ঘটনা সংঘটিত হয়।

photo-2022-01-22-23-09-24

ডিজেল শ্বেডত প্ৰৱেশ কৰাৰ আগতে ইঞ্জিনটো লাইনচ্যুত হয়। তাৰ ফলত উক্ত ৰে’লপথেৰে ৰে’লৰ চলাচল ব্যাহত হৈ পৰে।

ছিকিম-মহাানন্দ এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাপথ সালসলনি কৰিবলগীয়া হয় ৰে’ল কৰ্তৃপক্ষই।

পাছত ৰে’ল বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়।

প্ৰায় আধা ঘন্টাৰ মূৰত ইঞ্জিনটো পুনৰ ডিজেল লোকো শ্বেডলৈ নিয়া হয়।

কি কাৰণত এই ঘটনা সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হােৱা নাই।

উল্লেখ্য যে যােৱা ১৩ জানুৱাৰীত নিউ ময়নাগুৰি আৰু নিউ দোহামনি ষ্টেচনৰ মাজত লাইনচ্যুত হোৱাৰ ফলত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হয়।

এই ঘটনাত অসমৰ দুজন যাত্ৰীসহ মুঠ ৯ জন যাত্ৰীৰ মৃত্যু হয়।

কমেও ৪০ জন লোক গুৰুতৰভাৱে আহত হয়।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Reply

Your email address will not be published. Required fields are marked *