ৰাষ্ট্ৰীয়

পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম, প্ৰতিটো চিলিণ্ডাৰত বাঢ়িল ১০০ টকাৰো অধিক…

পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম।

প্ৰতিটো চিলিণ্ডাৰত ১০০ টকাৰো অধিক দাম বৃদ্ধি।

চৰকাৰী তেল বিপণন কোম্পানীবোৰে ১ ডিচেম্বৰৰ পৰা LPG Gas Cylinderৰ মূল্য বৃদ্ধি কৰিছে।

দেশৰ সৰ্ববৃহৎ চৰকাৰী তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে (IOC) প্ৰতিটো ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০৩.৫০ টকালৈকে বৃদ্ধি কৰিছে।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য আজিৰ পৰা প্ৰতি চিলিণ্ডাৰত ১০০.৫০ টকা বৃদ্ধি পাইছে।

বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ২১০১ টকালৈ বৃদ্ধি পাইছে

দুমাহ আগতে ই ১৭৩৩ টকা আছিল কিন্তু ২০২১ চনৰ ১ ডিচেম্বৰত ২১০১ টকালৈ বৃদ্ধি পাইছে।

মুম্বাইত ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰ ২০৫১ টকালৈ বৃদ্ধি পাইছে।

কলকাতাত, ১৯ কিলোগ্ৰাম ইন্দেন গেছ চিলিণ্ডাৰ ২১৭৪.৫০ টকালৈ বৃদ্ধি হৈছে।

চেন্নাইত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ বাবে ২২৩৪ টকা।

লগতে চাওকঃ

চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল এক বিশেষ পূজা !

Leave a Reply

Your email address will not be published. Required fields are marked *