আধৰুৱা হৈ ৰ’ল অসম আৰক্ষীত চাকৰিৰ সপােন, অনুশীলনৰ সময়ত মৃত্যু যুৱকৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

অসম আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলনৰত অৱস্থাতে অকস্মাতে ঢলি পৰি মৃত্যু ঘটিল এজন যুৱকৰ।

এই ঘটনাৰ স্থান নলবাৰী আৰক্ষী ৰিজাৰ্ভ।

মৃত যুৱকজন কাচিমপুৰৰ চাইচিং স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে।

P5 3
আধৰুৱা হৈ ৰ’ল অসম আৰক্ষীত চাকৰিৰ সপােন, অনুশীলনৰ সময়ত মৃত্যু যুৱকৰ 4

মংগলবাৰে পুৱা অনুশীলন কৰি থাকোতে হঠাৎ ঢলি পৰি মৃত্যুক সাবটি লয় চাইচিং স্বৰ্গীয়াৰীয়ে।

জানিব পৰা মতে, কাচিমপুৰৰ প্ৰফুল্ল স্বৰ্গীয়াৰীৰ পুত্ৰ চাইচিং স্বৰ্গীয়াৰীয়ে পুলিচ ৰিজাৰ্ভত আৰক্ষীৰ চাকৰিৰ পৰীক্ষাৰ বাবে বিগত তিনি বছৰ ধৰি নিয়মিত অনুশীলন অব্যাহত ৰাখিছিল।

অহা ১ মাৰ্চত নলবাৰীত অনুষ্ঠিত হ’বলগীয়া আৰক্ষীৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল চাইচিং স্বৰ্গীয়াৰীৰ।

P4 5
আধৰুৱা হৈ ৰ’ল অসম আৰক্ষীত চাকৰিৰ সপােন, অনুশীলনৰ সময়ত মৃত্যু যুৱকৰ 5

সেয়ে এইকেইদিন তেওঁ কঠোৰ অনুশীলনত ব্যস্ত আছিল।

কিন্তু তেওঁৰ সেই সপোন পূর্ণ নোহোৱাকৈয়ে থাকিল।

দুখীয়া পৰিয়ালৰ যুৱকজনে হাজিৰা কাম কৰি ঘৰ চলাই আছিল।

যুৱকজনৰ এনে অকাল মৃত্যুৰ ঘটনাই বৃহত্তৰ অঞ্চলটােত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

দিন দুপৰতে কলেজীয়া ছাত্ৰীক হত্যা ‘ব্যর্থ’ প্ৰেমিকৰ

G5 13
আধৰুৱা হৈ ৰ’ল অসম আৰক্ষীত চাকৰিৰ সপােন, অনুশীলনৰ সময়ত মৃত্যু যুৱকৰ 6

Leave a Comment