অসম

পুনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ, গুৰুতৰভাৱে আহত দুজন…

ৰাজ্যত পুনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ, গুৰুতৰভাৱে আহত দুজন।

তামুলপুৰ মহকুমাৰ পাটকীজুলীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

জানিব পৰা মতে ভাৰত-ভূটান সীমান্তৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰায়ে উপদ্ৰপ চলোৱা দেখিবলৈ পোৱা যায়।

এই বনৰীয়া হাতীৰ জাকটোৰ পৰা এটা হাতী ফালৰি কাতি আহি পুৱতি নিশা প্ৰায় ৩ বজাত পাটকীজুলী নিৱাসী সঞ্জীত বসুমতাৰী (৩৭)ৰ বাসগৃহত আক্ৰমণ কৰে।

হাতীৰ আক্ৰমণত সঞ্জীত বসুমতাৰী নিহত হোৱাৰ লগতে তেওঁৰ কন্যা আৰু পত্নী ৰোমোলা বসুমতাৰী গুৰুতৰভাৱে আহত হয়।

আহত দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *