অসমীয়াঅসম

পুনৰ নিষিদ্ধ ঘােষিত বিদ্ৰােহী সংগঠনলৈ যাত্ৰা অসমীয়া যুৱকৰ, সামৰিক পােছাকত ভিডিঅ’ বাৰ্তা প্ৰেৰণ

নিউজ ডেস্কঃ যুৱক-যুৱতীৰ মাজত বৃদ্ধি পোৱা অৰণ্য গমনৰ প্ৰৱনতাই উদ্বিগ্ন কৰিছে আৰক্ষী-প্ৰশাসনৰ লগতে সচেতন মহলক। অসমৰ বিভিন্ন প্ৰান্তৰ বহু-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ সমান্তৰালভাৱে অব্যাহত আছে নিষিদ্ধ ঘোষিত কেএলঅ’ত যোগদানো।

শেহতীয়াকৈ বঙাইগাঁও জিলাৰ বিদ্যাপুৰ থানাৰ অন্তৰ্গত নাচনকুটিৰ আন এজন যুৱকে কেএলঅ’ত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে। বিপুল ৰায় ওৰফে বিপিন কোচে কেএলঅ’ত যোগদানৰ পিছতে এক ভিডিঅ’ বাৰ্তাযোগে এই তথ্য প্ৰকাশ কৰিছে।

photo1654066562 1

কেএলঅ’ৰ কেডাৰজনে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কোচ যুৱক-যুৱতীসকলক কেএলঅ’ত যোগদানৰ বাবে আহ্বান জনোৱাৰ লগতে পৃথক কোচ ৰাজ্যৰো দাবী উত্থাপন কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বঙাইগাঁও জিলা আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক জয়প্ৰকাশ বৰ্মণ ওৰফে জোন কোচেও কেএলঅ’ত যোগদান কৰি ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল।

ইয়াৰোপৰিও বিশ্বনাথ জিলাৰ চতিয়াৰ বুদুআটিৰ কৃষ্ণ ৰয় ওৰফে কল্যান কোচেও নিজৰ কণমানি দুটি সন্তানক এৰি যোগদান কৰিছিল নিষিদ্ধ সংগঠন কেএলঅ’ত।

Leave a Reply

Your email address will not be published. Required fields are marked *