অসম

চাৰিচকীয়া বাহনৰ সৈতে বাইকৰ ভয়ংকৰ সংঘৰ্ষ, গুৰুতৰভাৱে আহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

চাৰিচকীয়া বাহনৰ সৈতে বাইকৰ ভয়ংকৰ সংঘৰ্ষ, গুৰুতৰভাৱে আহত বিদ্যূৎ বিভাগৰ কৰ্মচাৰী।

তিনিচুকীয়া জিলাৰ কাকপথাৰ চেলেংগুৰী টকৌ পথাৰত মঙলবাৰে এই দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, ডুমডুমাৰ সাংবাদিক মনোৰঞ্জন নেওগে এএছ ২৩এম ৭০১৭ নম্বৰৰ চেভ্ৰলেট বাহনখনেৰে ডুমডুমাৰ পৰা নিজ ঘৰ কাকপথাৰলৈ আহি থকা অৱস্থাত এএছ২৩ জে৮১০৭ নম্বৰৰ এখন বাইকখনৰ সৈতে সংঘৰ্ষ হয়।

image 11

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী অমৰজ্যোতি বৰা।

ততাতৈয়াকৈ অমৰজ্যোতি বৰাক ৰূপাইস্থিত এখন নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয়।

বৰ্তমান গুৰুতৰভাৱে আহত হোৱা অমৰজ্যোতি বৰা চিকিৎসাধীন অৱস্থাত থকা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

উৎকোচ কাণ্ড! ঘােচ লৈ হাতে-লোটে ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস, ঘৰতাে চলিল অভিযান

961

Leave a Reply

Your email address will not be published. Required fields are marked *