পুনৰ জাপানীজ এনকেফেলাইটিছৰ আতংক! জাগীৰোডত মৃত্যুক সাৱটিলে ভৰলু ডেকাই

নিউজ ডেস্কঃ ৰাজ্যত বলিয়া বানৰ সংহাৰৰ পিছতে এতিয়া ভয়ংকৰ ৰূপ ধাৰম কৰিছে ডেংগু, জাপানীজ এনকেফেলাইটিছে। বানপীড়িত অঞ্চলত বৃদ্ধি পোৱা জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ প্ৰাদুৰ্ভাৱে শংকিত কৰি তুলিছে সকলোকে।

এনে সময়তে ৰাজ্যত পুনৰ এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। জাগীৰোডৰ ছটাবড়িৰ এজন ব্যক্তিৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে সোমবাৰে। যাৰ বাবে সমগ্ৰ অঞ্চলটোত এতিয়া আতংকই বিৰাজ কৰিছে।

জানিব পৰা মতে, ভৰলু ডেকা নামৰ ৫০ বৰ্ষীয় ব্যক্তিজন কিছুদিন পূৰ্বৰে পৰা তীব্ৰ জ্বৰত আক্ৰান্ত হৈ আছিল। তাৰ পিছতে তেওঁক গুৱাহাটীৰ জিএনআৰচিত ভৰ্তি কৰোৱা হয়। ৪ জুলাইত চিকিৎসকে পৰীক্ষা কৰাত লোকজনৰ দেহত ধৰা পৰে জাপানীজ এনকেফেলাইটিছ।

jagirod died
পুনৰ জাপানীজ এনকেফেলাইটিছৰ আতংক! জাগীৰোডত মৃত্যুক সাৱটিলে ভৰলু ডেকাই 2

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ঘৰলৈ উভতাই নিয়ে ভৰলু ডেকাক। আৰু নিজ বাসগৃহতে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

ইফালে জ্ঞানজ্যেতি সংঘৰ উপদেষ্টা তথা অঞ্চলটোৰ সৰবৰহী লোক ভৰলু ডেকাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। সোমবাৰে অগণন লোকে তেওঁৰ বাসগৃহত উপস্থিত হৈ মৃতদেহত শ্ৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতে জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে অঞ্চলটোত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকে।