জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ বৃহৎ সফলতা, সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আন এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল নিৰাপত্তাৰক্ষী বাহিনী। সোমবাৰে জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাৰ ৱান্দকপুৰা অঞ্চলত আৰক্ষী তথা সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত দুজন দুধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুজনৰ এজনক কাইছাৰ কোকা বুলি চিনাক্ত কৰা হৈছে।

টুইটযোগে কাশ্মীৰ আৰক্ষীয়ে এই কথাটো নিশ্চিত কৰি কয় যে ২০১৮ চনৰ পৰা সক্ৰিয় হৈ থকা কুখ্যাত সন্ত্ৰাসবাদী কাইছাৰ কোকাক হত্যা কৰা হৈছে আৰু অন্যগৰাকী সন্ত্ৰাসবাদীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে।

আৰক্ষীৰ সূত্ৰ মতে নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত এটা এম-৪ কাৰ্বাইন ৰাইফল, এটা পিষ্টল আৰু অন্যান্য বিস্ফোৰক সামগ্ৰীসহ গোলা-বাৰুদ উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শনিবাৰে সেনা আৰু আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানত পুলৱামাত এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছিল।