পুনৰ ঘোচকাণ্ড! উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ GMCৰ মুখ্য অভিযন্তাৰ লগতে দুই লাট মণ্ডলসহ দালাল…

ৰাজ্যত পুনৰ ঘোচ কাণ্ড৷

একেদিনাই উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ হ’ল গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তাৰ লগতে দুগৰাকী লাট মণ্ডলসহ এগৰাকী দালাল৷

৬ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে GMCৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰা।

উলুবাৰীস্থিত GMCৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বৰাক।

নিৰাপত্তাৰ জমা ধন মুকলি কৰাৰ বাবে এগৰাকী ব্যক্তিৰ পৰা টকা বিচাৰিছিল বৰাই।

সেই অনুসৰি তেওঁ আজি উৎকোচ গ্ৰহণ কৰাৰ লগে লগে দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ত কৰে বৰাক।

আনহাতে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়তো চলে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷

অভিযানত বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত থকা মণ্ডল লগন বচোৱাৰক ৩ হাজাৰ টকা উৎকোচ লোৱা সময়ত হাতে-লোটে কৰায়ত্ত কৰে।

মণ্ডলৰ লগতে আন এগৰাকী দালালকো কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই৷ গ্ৰেপ্তাৰ হয় দালাল ৰাজেশ তাঁতী।

উত্‍কোচ গ্ৰহণৰ তৃতীয়টো ঘটনা বাঘবৰৰ।

বাঘবৰ ৰাজহ চক্ৰৰ লাটমণ্ডল মহম্মদ আজহাৰ আলীকো ২০,০০০ টকা লৈ থাকোঁতে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই।