পুনৰ কৰ’ণাত আক্ৰান্ত বলিউডৰ বিগ বি অমিতাভ বচ্চন…

পুনৰ কৰ’ণাত আক্ৰান্ত বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন।

দ্বিতীয় বাৰলৈ কৰ’ণাত আক্ৰান্ত হৈছে বলিউডৰ বলিষ্ঠ অভিনেতাগৰাকী।

ইয়াৰ পূৰ্বেও কৰ’ণাত আক্ৰান্ত হৈছিল অভিনেতা গৰাকী।

টুইটাৰ যোগে অনুৰাগীক ক’ভিডত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে বচ্চনে।

লগতে তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কৰ’ণা পৰীক্ষা কৰাৰ বাবেও আহ্বান জনাইছে অমিতাভ বচ্চনে।

এই খবৰ বিয়পি পৰাৰ লগে লগে তেওঁ সুস্থ হোৱাৰ কামনা কৰিছে অনুৰাগীয়ে।