অসম

ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কম চিকিৎসাধীন, কি হৈছে কিংবদন্তি বক্সাৰগৰাকীৰ..?

ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কম চিকিৎসাধীন।

মুম্বাইৰ এখন বেচৰকাৰী হাস্পতালত চিকিৎসাধীন মেৰী কম।

image 174

জানিব পৰা মতে, আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে মেৰী কমৰ।

কমনৱেল্থ গেমছৰ ৪৮ কেজি ট্ৰায়েলৰ সময়ত আঘাত পাইছিল মেৰী কমে।

সেই আঘাতত বিগত কেইবাদিনো ধৰি ভুগি আছিল খেলুৱৈগৰাকীয়ে।

image 175

উল্লেখ্য যে, শেহতীয়াভাৱে হৈ যোৱা বাৰ্মিংহাম কমনৱেল্থ গেমছত অংশ ল’ব নোৱাৰিলে মেৰী কমে।

২০১৮ চনত মেৰীয়ে দেশৰ প্ৰথম মহিলা বক্সাৰ হিচাপে কমনৱেল্থত স্বৰ্ণজয় কৰিবলৈ সক্ষম হৈছিল।