পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী আকাশ যাদৱ…

ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ এনকাউণ্টাৰ।

এইবাৰ হোজাই আৰক্ষীৰ গুলীত আহত হৈছে বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ অপৰাধী আকাশ যাদৱ ওৰফে ৰাজীৱ গোৱালা।

জানিব পৰা মতে, আকাশ যাদৱে বুধবাৰে পুৱা হোজাইত এগৰাকী ব্যক্তিৰ পৰা ৫৬ হাজাৰ টকা চুৰ কৰি পলায়ন কৰোঁতেই আৰক্ষীৰ জালত পৰে।

আৰক্ষীয়ে আকাশৰ পৰা উদ্ধাৰ কৰে চুৰি ধনৰাশি।

ইয়াৰ পিছতে আকাশ যাদৱক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ আৰক্ষীৰ এটা দলে লৈ অনাৰ পথত তেওঁ জাব্ৰাখোৱাত প্ৰস্ৰাৱ কৰাৰ চলেৰে পলায়নৰ চেষ্টা কৰে।

আৰক্ষীয়ে আকাশৰ দুয়োটা ভৰিতে গুলীচালনা কৰাত আকাশ যাদৱ পথৰ মাজতে ঢলি পৰে।

ইয়াৰ পিছতে হোজাই আৰক্ষীৰ এটা দলে গুলীবিদ্ধ আকাশক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

গুলীবিদ্ধ আকাশ যাদৱ ওৰফে ৰাজীৱ গোৱালাৰ ঘৰ পশ্চিমবংগৰ নিউ জলপাইগুৰিত বুলি জানিব পৰা গৈছে।

Leave a Comment