নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ চৈখোৱাত খেতি পথাৰত স্থাপন কৰা অবৈধ বৈদ্যুতিক ফান্দত পৰি কৰুণ মৃত্যু এটি ৭ বছৰীয়া কন্যা শিশুৰ।
এই ঘটনাৰ প্ৰতিবাদত ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ঘেৰাও কৰিলে চৈখোৱা আৰক্ষী থানা।
অস্ত্ৰ বিৰতি আলফাই ধানৰ খেতিত বৈদ্যুতিক ফান্দ (ফেন্সিং) তাঁৰত বিদ্যুৎ সংযোগ কৰাৰ ফলত এই শােকাৱহ ঘটনা সংঘটিত হয়।
ঘটনা সংক্ৰান্তত আলফাৰ যুদ্ধবিৰত গােটৰ দুই সদস্যক আটক কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ চৈখোৱা আৰক্ষী থানাৰ অন্তৰ্গত চিচনি গাঁৱৰ সুনিল খৰিয়া আৰু সুশিলা খাৰিয়াৰ সাত বছৰীয়া শিশু আৰতী খাৰিয়াই খেলি থকা অৱস্থাত ফেন্সিং তাঁৰত ধৰি দিয়াৰ লগে লগে মৃত্যু হয়।
ৰাইজে জানিবলৈ দিয়াত অস্ত্ৰ বিৰতি গোটে বলপূৰ্বকভাৱে মাটি দখল কৰি খেতি কৰা বুলি জানিবলৈ দিয়ে।
আনফালে, দোষীক অতিশীঘ্ৰে আটক কৰি উচিত ব্যৱস্থা ল’বলৈ আৰু মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
ইতিমধ্যে আৰক্ষীয়ে টুটু সোণোৱাল আৰু এজন সদস্যক আটক কৰি সোধ-পোছ অব্যাহত ৰখা বুলি শদিয়া আৰক্ষীয়ে জানিবলৈ দিছে।
মৃত শিশুগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে শদিয়ালৈ প্ৰেৰণ কৰিছে।









