পুনৰ আৰম্ভ হ’ব বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক স্ক্ৰীণিং কৰা প্ৰক্ৰিয়া…

ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্যত পুনৰ আৰম্ভ হ’ব বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক স্ক্ৰীণিং কৰা প্ৰক্ৰিয়া।

ৰাজ্যত পুনৰ কৰণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ।

এতিয়াৰ পৰা ৰে’লৱে ষ্টেচন আৰু বিমান বন্দৰত বহিঃৰাজ্যৰ পৰা অহা সকলো যাত্ৰীৰে ক”ভিড স্ক্ৰীণিং কৰা হব।

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা নতুন এছ অ’ পিত এই বিষয়ে সদৰি কৰা হৈছে।

যিসকল ব্যক্তিয়ে কভিড-১৯ ৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকক বিমানবন্দৰ, ৰেলৱে ষ্টেচন আদিত স্ক্ৰীণিং কৰ্তৃপক্ষৰ সন্মুখত বাধ্যতামূলক এই ক’ভিড পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে।

আনহাতে যিসকল যাত্ৰীয়ে কভিডৰ এপালি ভেকচিন গ্ৰহণ কৰিছে বা ভেকচিন গ্ৰহণ কৰা নাই আৰু যিসকলৰ দুয়োপালি ভেকচিন লোৱাৰ পিছতো কৰণাৰ লক্ষণ আছে, তেওঁলোকে বিমানবন্দৰ, ৰেলৱে ষ্টেচন আদিত নিজা ব্যয়ত বাধ্যতামূলক আৰটি-পিচিআৰ পৰীক্ষা কৰিব লাগিব।

f5ecba2e 711a 4315 93e4 e96e6cad2953

অসমত বিমান বন্দৰ, ৰেল ষ্টেচন আদিত প্ৰতিটো আৰটি-পিচিআৰ পৰীক্ষাত ২৫০ টকাৰ ৰাজসাহায্যপ্ৰাপ্ত হাৰ আদায় কৰা হ’ব।

আনহাতে দুয়োপালি ক’ভিড ভেকচিন গ্ৰহণ কৰা অভিভাৱকৰ লগত অহা ১০ বছৰৰ তলৰ শিশুক বাধ্যতামূলক ক’ভিড পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে।

Leave a Comment