অসম

আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান৷

দেওবাৰে নিশা দৌলাশাল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই দৌলাশাল বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ীত।

উল্লেখ্য যে ধৃত আমানুৰে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী অঞ্চল সমূহত ড্ৰাগছৰ অবাধ ব্যৱসায় চলায় আহিছিল৷

দীৰ্ঘদিনে আৰক্ষীয়ে বিচাৰি থকাৰ খবৰ পাই আমানুৰে বহিঃৰাজ্যকে ধৰি ডিব্ৰুগড়ত আত্মগোপন কৰি আহিছিল।

ধৃত আমানুৰে দেওবাৰে ডিব্ৰুগড়ৰ পৰা আহি দৌলাশাল বজাৰত ঘূৰি থাকোঁতে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে আমানুৰক আটক কৰে৷

ধৃত আমানুৰৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত ৰুজু হৈ থকা ৫৯৭/২১ নম্বৰ গোচৰ আৰু এন ডি পি এচ আইনৰ ২২ (চি)/২৯ ধাৰাত সোমবাৰে নলবাৰী আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক জে’ল-হাজোতলৈ প্ৰেৰণ কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *