
পুত্ৰৰ বিৰুদ্ধে মাতৃৰ এজাহাৰৰ পিছতে সন্ধানহীন পূৰ্ণজ্যােতিৰ ৩ মাহে নাই কােনাে সন্ধান…
নিউজ ডেস্ক। ঘৰুৱা অশান্তিৰ বাবেই যেন চৰম বিপৰ্যয় নামি আহিল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ এটা পৰিয়াললৈ।
বিয়াৰ এবছৰ নৌহওঁতেই সন্ধানহীন হৈ পৰা স্বামী সুকলমে ঘূৰি অহাৰ অপেক্ষাত পত্নীয়ে মাতৃ গৃহত কটাইছে দুৰ্বিষহ জীৱন।
উল্লেখ্য যে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আদাবাৰী গাঁৱৰ পূর্ণজ্যোতি কলিতা নামৰ লােকজন যোৱা ১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে।

জানিব পৰামতে, বিয়াৰ পিচৰে পৰা মাতৃৰ সৈতে বিভিন্ন কাৰণত মনােমালিন্য ঘটিছিল পুত্ৰ পূৰ্ণজ্যােতি কলিতাৰ। তাৰ মাজতে চলিত বছৰৰ ১ জানুৱাৰীতাে পূর্ণজ্যোতিৰ সৈতে মাতৃৰ কাজিয়া লগাত মাতৃয়ে স্থানীয় আদাবাৰী পহৰা চকীত পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
মাতৃৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে পূর্ণজ্যোতি কলিতাক ঘৰলৈ বিচাৰি গৈছিল। এনে পৰিপ্ৰেক্ষিততে অতি নম্র, শান্ত আৰু ভদ্র স্বভাৱৰ যুৱকজনে লাজ-অপমান সহিব নোৱাৰি সিদিনা সন্ধিয়াই বাইক লৈ ঘৰৰ পৰা ওলাই গৈছিল।

সিদিনা নিশাই পূৰ্ণজ্যোতিৰ মটৰ চাইকেল, হেলমেট আৰু চেণ্ডেল শৰাইঘাট দলঙৰ ওপৰত জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছিল যদিও আজিকোপতি পূৰ্ণজ্যোতিৰ সন্ধান লাভ নকৰিলে পৰিয়ালে।
পূর্ণজ্যোতি সন্ধানহীন হৈ থকাত পত্নী ৰীমা ডেকাই নিজটাপা গাঁৱৰ মাতৃগৃহত আশ্ৰয় লৈ আছে।






Pingback: ফুৰিবলৈ গৈ ৰাজস্থানত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল অসমৰ দম্পতীসহ ৩ জনৰ, আহত কণমানি পুত্ৰ - NEWS8 NorthEast
Pingback: শোকাবহ! পথাৰত পানী দিয়া মেচিনত গা ধুই থকাৰ সময়তে মেচিনত আৱদ্ধ হৈ পৰিল চুলি, কিশোৰীৰ কৰুণ মৃত্যু