অসমঅসমীয়াৰাষ্ট্ৰীয়

ফুৰিবলৈ গৈ ৰাজস্থানত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল অসমৰ দম্পতীসহ ৩ জনৰ, আহত কণমানি পুত্ৰ

নিউজ ডেস্ক। ৰাজস্থানত ফুৰিবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল বহিঃৰাজ্যত কৰ্মৰত অসমৰ দম্পতীসহ ৩ জন লােকৰ। এই দুৰ্ঘটনাত আহত হয় দম্পতীটােৰ ৫ বছৰীয়া কণমানি পুত্ৰ সন্তান।

জানিব পৰা মতে, গুড়গাঁৱৰ পৰা ব্যক্তিগত বাহনেৰে জয়পুৰলৈ যাত্ৰা কৰাৰ পথত ৰাজস্থানৰ আলৱাৰত টেংকাৰৰ সৈতে সংঘৰ্ষৰ ফলতে এই শােকাৱহ ঘটনা সংঘটিত হয়।

মৃত এগৰাকী মহিলা নুমলীগড় নিবাসী বিহৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতিমালা চৌধুৰী (৭৫)।

vlcsnap 2023 04 09 11h23m04s546

এই দুৰ্ঘটনাত তেওঁৰ জীয়াৰী মনমী চৌধুৰী বৰা (৪২) আৰু জোঁৱাই অৰ্ণৱ বৰা (৪৫)ৰাে মৃত্যু ঘটে।

জানিব পৰামতে, চৌধুৰী গুড়গাঁৱত থকা জী-জোঁৱাইৰ ঘৰলৈ যোৱা ২৪ ফেব্ৰুৱাৰীত ফুৰিবলৈ গৈ তাতেই আছিল আৰু জী-জোঁৱাইৰ সৈতে ৰাজস্থানলৈ ফুৰিবলৈ ওলাই গৈছিল।

vlcsnap 2023 04 09 11h23m23s941

শনিবাৰে পুৱা ৰাজস্থানৰ আলৱাৰত ফুৰিবলৈ বুলি গাড়ীত গৈ থকা অৱস্থাতে এখন টেংকাৰত খুন্দা মাৰি তেওঁলোকৰ গাড়ীখন ভয়াৱহ দুর্ঘটনাত পতিত হয় আৰু তিনিওগৰাকীৰে শোকাবহ মৃত্যু ঘটে।

গাড়ীখনত তেওঁলোকৰ লগতে চৌধুৰীৰ নাতি তথা অৰ্ণৱ বৰা আৰু মনমী চৌধুৰী বৰাৰ পাঁচ বছৰীয়া সন্তান আভি বৰাও আছিল।

দুৰ্ঘটনাটোত পুত্ৰ আভিৰ কথমপি প্ৰাণৰক্ষা কৰে। আভি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

লখিমপুৰৰ চাবতিৰ চৌখামৰ অৰ্ণৱ বৰা দিল্লীৰ এটি কোম্পানীত কৰ্মৰত আছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখন তেওঁ নিজে চলাইছিল বুলি জানিব পৰা গৈছে।

জী-জোঁৱাইৰ সৈতে জ্যোতিমালা গগৈ চৌধুৰীৰ মৃত্যুত পৰিয়ালবৰ্গৰ লগতে অজস্ৰ গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

পুত্ৰৰ বিৰুদ্ধে মাতৃৰ এজাহাৰৰ পিছতে সন্ধানহীন পূৰ্ণজ্যােতিৰ ৩ মাহে নাই কােনাে সন্ধান…

GA9 1