অসম

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধিলে ফণী তালুকদাৰে…

শাসকীয় বিজেপি দলত এতিয়া ভৰি পৰিছে ন ন মুখেৰে।

বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে ফণী তালুকদাৰে।

বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত বিজেপিত যোগদান কৰে AIUDFৰ সদ্য পদত্যাগী বিধায়কগৰাকীয়ে।

উক্ত অনুষ্ঠানত ৰাইজৰ দলৰ তিনিচুকীয়া জিলাৰ সভাপতি শৰত দাস, আক্ৰাচুৰ সাধাৰণ সম্পাদক দীনেশ ৰয়কে ধৰি কেইবাগৰাকীও ৰাজনৈতিক-অৰাজনৈতিক, সাংস্কৃতিক কৰ্মীয়ে বিজেপিত যোগদান কৰে।

উল্লেখ্য যে, বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে ফণী তালুকদাৰে।

বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ কথা প্ৰকাশ কৰি তেওঁ কয় যে, ‘AIUDFক মই সাম্প্ৰদায়িক দল বুলি নকওঁ কিন্তু তাত ৯৮%ই এক বিশেষ সম্প্ৰদায়ৰ লোক আছে। আজিৰ দিনটো ভৱানীপুৰবাসীৰ বাবে দেৱালী।

Leave a Reply

Your email address will not be published. Required fields are marked *