মাৰোৱাৰীৰ চান্দা লৈ, বিহাৰীক ধমক দি জাতি আগবাঢ়িব নোৱাৰেঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। অসমক দেশৰ এখন অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তােলাৰ লক্ষ্যৰে বিভিন্ন সময়ত ৰাজ্যৰ যুৱ প্ৰজন্মলৈ বিভিন্ন আহ্বান জনাই আহিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বিশেষকৈ ৰাজ্যৰ যুৱ প্ৰজন্মক সৃষ্টিশীল কৰ্মৰ সৈতে জড়িত হৈ আত্ম নিৰ্ভৰশীল হ’বলৈও বিভিন্ন পৰামৰ্শ প্ৰদান কৰি আহিছে মুখ্যমন্ত্ৰীয়ে।

Chief-Minister-Dr-Himanta-Biswa-Sarma-and-senior-police-personal-inspecting-Arms-277-arms-and-720-bu

বিশেষকৈ পিছপৰা ৰাজ্যখনৰ নিবনুৱা সমস্যা, উগ্ৰপন্থী সমস্যাকে ধৰি অন্যান্য জ্বলন্ত সমস্যাৰ সমাধানৰ বাবে চৰকাৰে বহু পৰিকল্পনা হাতত লােৱা বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

ইপিনে, শেহতীয়াকৈ যুৱ প্ৰজন্মক উদ্দেশ্যি আন এটা পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰায়ে।

Chief-Minister-Dr-Himanta-Biswa-Sarma-and-senior-police-personal-inspecting-Arms-277-arms-and-720-bu

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত উগ্ৰপন্থী সংগঠনৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠান সম্বােধন কৰি তেওঁ কয়, ”মাৰোৱাৰীৰ পৰা চান্দা সংগ্ৰহ কৰি আৰু বিহাৰীক ধমক দি এটা জাতি আগবাঢ়িব নোৱাৰে। অসমত ব্যৱসায় কৰি এইসকল লোকে পাঁচ-ছয়জন যুৱকক সংস্থাপনৰ পথ দিছে আৰু তেনে লোকৰ ওচৰলৈ গৈ ডকা-হকা দি চান্দা তোলাটো অনৈতিক কাম।”

তেওঁ কয় যে অসমীয়া জাতিক এতিয়া অৰ্থনৈতিক বিপ্লৱৰহে প্ৰয়োজন। পূৰ্বতে নিজৰ জাতিৰ নানা সমস্যাৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ অসমৰ কেইবাটাও জনজাতীয় আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ যুৱ প্ৰজন্মৰ মাজত সশস্ত্ৰ সংগ্ৰামৰ মনোভাৱ গঢ় লৈ উঠিছিল।

Chief-Minister-Dr-Himanta-Biswa-Sarma-and-senior-police-personal-inspecting-Arms-277-arms-and-720-bu

কিন্তু অসমৰ জনজাতি আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগ বৰ্তমানৰ চৰকাৰে নাইকীয়া কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত জনজাতীয় উগ্ৰপন্থীৰক সমস্যা ৰাজ্যত প্ৰায় নাইকীয়া হৈছে।

যি মাৰোৱাৰী বা বিহাৰীয়ে পাঁচ-ছয়জন অসমীয়া যুৱকক কৰ্মসংস্থাপন দিছে তেওঁলোকৰ পৰা চান্দা তোলাৰ বিপৰীতে তেওঁলোকক মালা পিন্ধাই অভিনন্দন জ্ঞাপন কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

Leave a Comment