পিতৃৰ ম’বাইল নম্বৰ লিখি থােৱা বেগৰ সৈতে অপহৰণকাৰীয়ে এৰি থৈ গ’ল ৪ বছৰীয়া শিশুক! উদ্ধাৰ কৰিলে আৰক্ষীয়ে…

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ অপহৰণকাণ্ড। চিকিৎসক দম্পতীৰ ৪ বছৰীয়া শিশুক অপহৰণ দুষ্কৃতিকাৰীৰ।

অপহৰণৰ প্ৰায় এসপ্তাহ পিছত শিশুটিক সুকলমে এৰি থৈ যায় অপহৰণকাৰীয়ে। লগতে শিশুটিৰ সৈতে এৰি থৈ যায় পিতৃৰ ঠিকনা আৰু ম’বাইল নম্বৰ উল্লেখ থকা এটা মােনাও।

উল্লেখ্য যে এই অপহৰণকাণ্ড সংঘটিত হৈছিল মহাৰাষ্ট্ৰৰ পুণেত।

পুণেৰ বালেৱাড়ীৰ পৰা অপহৰণ হোৱা ৪ বছৰীয়া স্বৰ্ণভৰ অৱশেষত সন্ধান ওলাল। পুনাৱালে এলেকাৰ এটা অট্টালিকাত বুধবাৰে উদ্ধাৰ হয় অপহৃত শিশুটি।

এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকা শিশুটিক কোলাত তুলি লৈ এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে পিতৃ সতীশ চাৱন আৰু মাতৃ প্ৰাচীয়ে। আনহাতে শিশুটি উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে সন্তোষ ব্যক্ত কৰিছে।

5

অৱশ্যে অপহৰণকাৰীৰ সন্ধানত বৰ্তমানো অব্যাহত আছে আৰক্ষীৰ জোৰদাৰ অভিযান। অতিৰিক্ত আৰক্ষী আয়ুক্ত (অপৰাধ) ৰামনাথ পোকালেৰে কয়, “অপহৰণৰ আঁৰত থকা সন্দেহজনক লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ এতিয়াও এক বিস্তৃত তদন্ত চলি আছে। এতিয়ালৈকে তদন্তটোত পুনেৰ ২০ খন আৰক্ষী থানাৰ দলৰ লগতে অপৰাধ শাখাৰ দল, প্ৰায় ৩৫০ জন আৰক্ষী কৰ্মী আৰু বিষয়া জড়িত আছে। আমি অপহৰণস্থলীৰ ৩০-৩৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলো চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আছো। যিহেতু আমি অপহৰণ কাণ্ডত ব্যৱহৃত বাইকখনৰ আংশিক পঞ্জীয়ন প্লেট নম্বৰ লাভ কৰিছিলো, তাৰ দ্বাৰা আমি ৭২ খন বাইকৰ সন্ধান উলিয়াই সোধাপোছা অব্যাহত ৰাখিছো। আমি নিশ্চিত যে অতি শীঘ্ৰে আমি অপহৰণকাৰীক বিচাৰি উলিয়াবলৈ সক্ষম হম।’’

FJFf-GEWa-UAESv-Hc

উল্লেখ্য যে, যোৱা ১১ জানুৱাৰীৰ পুৱা প্ৰায় ৯.৪৫ বজাত বালেৱাড়ী আৰক্ষী চকীৰ নিচেই সমীপৰ ছাইকাৰ বাগিচাৰ পৰা অপহৰণ কৰা হৈছিল ৪ বছৰীয়া স্বৰ্ণভক। অপহৰণকাৰীয়ে শিশুটিক লৈ এখন বাইকেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

3

ইফালে এই অপহৰণ কাণ্ড সংঘটিত হোৱাৰ পিছতে শিশুটিৰ পৰিয়ালৰ মাজত হাহাকাৰ লাগে। চিকিৎসক পিতৃ সতীশ চাৱনে আৰক্ষী চকীৰ দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিশুটিৰ সন্ধান বিচাৰি ক্ষীপ্ৰতাৰে অভিযান চলায় যদিও এসপ্তাহে স্বৰ্ণভৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় আৰক্ষীও।

আনহাতে বুধবাৰে দুপৰীয়া প্ৰায় ২ বজাত পুনাৱালে এলেকাৰ এটা অট্টালিকাত কাপোৰেৰে মুখ থকা এজন ব্যক্তি এটি শিশুৰ সৈতে উপস্থিত হয়। ব্যক্তিজনে এক জৰুৰী কাম থকা বুলি কৈ আধা ঘণ্টাৰ বাবে অট্টালিকাটোত কাম কৰা আন ব্যক্তিসকলৰ ওচৰত শিশুটিক এৰি থৈ যায়। মুখাধাৰী ব্যক্তিজনে শিশুটিৰ লগতে এখন মোনাও তাত এৰি থৈ যায়।

কিন্তু বহু সময় ধৰি ব্যক্তিজন উভতি নহাত শিশুটিয়ে কান্দিবলৈ ধৰে। কি কৰো কি নকৰো বুলি অট্টালিকাটোৰ নিৰাপত্তাৰক্ষী আৰু আন আন লোকসকলে ভাৱি থাকোতে মুখাধাৰী ব্যক্তিজনে এৰি থৈ যোৱা মোনাখন খুলি চোৱাত শিশুটিৰ পিতৃৰ ফোন নম্বৰ লিখা থকা এখন কাগজ পায়।

পিছত লোকসকলে সেই ফোন নম্বৰত যোগাযোগ কৰে আৰু ভিডিঅ’ কলযোগে শিশুটি যে এসপ্তাহ পূৰ্বে অপহৃত হোৱা স্বৰ্ণভেই হয় সেয়া নিশ্চিত কৰে। তাৰ পিছতে ঘটনাস্থলীত পিতৃ-মাতৃ আৰু আৰক্ষীৰ দল উপস্থিত হৈ শিশুটি উদ্ধাৰ কৰে। শিশুটি সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিয়ে পিতৃ সতীশ চাৱনে।

আৰক্ষী উপায়ুক্ত ৰোহিদাস পাৱাৰে কয়, “আমাৰ সন্দেহ মতে, অট্টালিকাটোত শিশুটিক এৰি থৈ যোৱা ব্যক্তিজন অপহৰণকাৰী আছিল। পুনে মহানগৰ আৰক্ষীয়ে পিম্প্ৰি-চিঞ্চৱাড আৰক্ষীৰ সহায়ত সন্দেহযুক্ত বা সন্দেহজনক লোকসকলক বিচাৰি উলিয়াবলৈ এক যুটীয়া তদন্ত চলাই আছে। আৰক্ষীৰ অভিযানৰ ভয়তে হয়তো ব্যক্তিজনে শিশুটিক মুকলি কৰি দিছিল।’’

স্বৰ্ণভৰ পিতৃ সতীশ চাৱনে কয়, “মোৰ পুত্ৰ ঘূৰি আহিছে আৰু সুৰক্ষিত আৰু তেওঁ তেওঁৰ প্ৰিয়জনৰ সৈতে আছে। এই মুহূৰ্তত এইটোৱেই গুৰুত্বপূৰ্ণ।” উল্লেখ্য যে, সন্তানৰ অপহৰণ পিছতে সতীশ চাৱনে সামাজিক মাধ্যমত এটা পোষ্ট কৰি ধনৰ বিনিয়মত হ’লেও শিশুটিক পৰিয়ালৰ ওচৰত উভতাই দিবলৈ আহ্বান জনাইছিল।

স্বৰ্ণভৰ খুৰাক শচীন চাৱনে কয়, “স্বৰ্ণভক অপহৰণ কৰাৰ পিছত আৰু আমি ইয়াৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত, আমি আৰক্ষীক অৱগত কৰিছিলো। পৰৱৰ্তী সময়ত আৰক্ষীয়ে গোচৰটো এনেদৰে চম্ভালিছিল যেন স্বৰ্ণভ তেওঁলোকৰ নিজৰ সন্তানহে। তেওঁলোকৰ মনোভাৱৰ বাবে আমি স্বৰ্ণভৱ উভতাই পাব বুলি আশাবাদী হৈ আছিলো।”

তেওঁ লগতে কয়, “… সামাজিক মাধ্যমত যথেষ্ট সমৰ্থন লাভ কৰিছিলো। বহু সংখ্যক লোকে স্বৰ্ণভৱৰ বিষয়ে লিখা পোষ্ট শ্বেয়াৰ কৰি শিশুটি উভতাই পাবলৈ প্ৰাৰ্থনা জনাইছিল আৰু আমাক মনোবল দিছিল। সকলোৱে স্বৰ্ণভৰ মাজত নিজৰ সন্তানটোক বিচাৰি পাইছিল। আৰু তেওঁলোকৰ প্ৰাৰ্থনা, আশীৰ্বাদৰ বলতেই আমি আজি আমাৰ সন্তানটোক উভতাই পাবলৈ সক্ষম হৈছো।’

লগতে চাওকঃ

মই ভেকচিন নলওঁ! ভেকচিন দিবলৈ অহা স্বাস্থ্যকৰ্মীকে গবা মাৰি ধৰিলে এজন নাৱৰীয়াই, ভাইৰেল ভিডিঅ’

G8

Leave a Comment