অসম

পুনৰ অসমৰ ভূমিত প্ৰৱেশ কৰি অসমীয়াৰ ওপৰত অত্যাচাৰ মিজো যুৱকৰ…

পুনৰ অসমৰ ভূমিত প্ৰৱেশ কৰি অসমীয়াৰ ওপৰত অত্যাচাৰ মিজো যুৱকৰ।

বুধবাৰে অসম মিজোৰাম সীমান্তৰ ধলাইখালত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।

জানিব পৰা মতে, বুধবাৰে প্ৰথমে অস্ত্ৰধাৰী দুই মিজো যুৱক ধলাইখাল গাঁৱত প্ৰবেশ কৰি মোবাইল কেমেৰাৰ জৰিয়তে গাঁওখনৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰে৷

তাৰপিছত স্থানীয় লোক সকলে অস্ত্ৰ লৈ গাঁৱত প্ৰৱেশ আৰু ছবি সংগ্ৰহৰ কাৰণ সুধা পোছা কৰাত যুৱক কেইজনে উক্ত অংশটো মিজোৰামৰ বুলি দাবী কৰি স্থানীয় লোকৰ সকলৰ লগত বাকবিতণ্ডাত লিপ্ত হয়।

এই ঘটনাৰ পিছতেই ৰাইজে মিজো যুৱক দুজনক অসমৰ ভূমিৰ পৰা খেদি পঠিয়াই৷

মিজো যুৱক দুজনক খেদি পঠোৱাৰ কিছু সময়ত পিছত সশস্ত্ৰ মিজো IRP বাহিনীৰ কেইজনমান জোৱান গাঁওখনত প্ৰৱেশ কৰি স্থানীয় এজনৰ ঘৰত অৱস্থান কৰে৷

অসমৰ ভূখণ্ডৰ তিনি কিলোমিটাৰ ভিতৰত মিজো বাহিনীৰ উপস্থিতিৰ খবৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় ধলাই আৰক্ষী।

কিন্তু আৰক্ষীৰ উপস্থিতিৰ অনুমান পাই সেইস্থানৰ পৰা পলায়ন কৰে মিজো আৰক্ষী জোৱান সকল৷

Leave a Reply

Your email address will not be published. Required fields are marked *