অসম

ভয়ংকৰ ঘটনা! অন্তঃসত্বা পত্নীক গুলীয়াই হত্যা কৰিলে আৰক্ষী স্বামীয়ে

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ হত্যাকাণ্ডই কঁপাই গ’ল সমগ্ৰ ডিব্ৰুগড় চহৰ।

পৰিয়ালকেন্দ্ৰিক কন্দলৰ ভয়ংকৰ পৰিণতিত ধ্বংস হ’ল এটা পৰিয়াল।

অসম আৰক্ষীত কনিষ্টবল হিচাপে কৰ্মৰত স্বামীয়ে নিজ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে অন্তঃসত্বা পত্নীক।

p2 10

দেওবাৰে নিশা ডিব্ৰুগড়ত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।

অভিযােগ অনুসৰি, পত্নী জয়শ্ৰী চেতিয়াক নিজ পিষ্টলেৰে কেবাজাঁই গুলী ফুটাই হত্যা কৰে বিতুল চেতিয়া ওৰফে বিকি চেতিয়া নামৰ আৰক্ষী জোৱানজনে।

মৃত্যু সময়তে জয়শ্ৰীৰ বয়স আছিল ২৯ বছৰ।

vlcsnap 2022 03 14 13h00m29s114

জানিব পৰা মতে, বিদেশী ন্যায়াধীকৰণ আদালতৰ সদস্য মল্লিকা দত্তৰ দেহৰক্ষী হিচাপে কৰ্তব্যৰত অভিযুক্ত বিকি চেতিয়া।

ডিব্ৰুগড় থানাৰ চৌহদত থকা আৰক্ষী আৱাসত দীৰ্ঘদিনে বসবাস কৰি আছিল এই দম্পতীহাল ৷ 

কিন্তু বিতুল চেতিয়াই কি কাৰণত এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

vlcsnap 2022 03 14 12h59m28s374

এয়া প্ৰকৃততে এক জঘন্য হত্যাকাণ্ড নে ইয়াৰ আঁৰত অন্য কিবা ৰহস্য লুকাই আছে সেয়াও আৰক্ষীৰ তদন্তৰ অন্ততহে পােহৰলৈ আহিব।

FNzS 8pVUAAmpEq

ইপিনে, এই ঘটনাক লৈ দুৰ্ভগীয়া জয়শ্ৰীৰ পৰিয়াল তথা আত্মীয়ই থানাৰ সন্মুখত একত্ৰিত হৈ হত্যাৰ অভিযুক্ত স্বামী বিকি চেতিয়াৰ কঠাৰতম শাস্তিৰ দাবী তােলে।

vlcsnap 2022 03 14 12h57m28s494

জানিব পৰা মতে, তিনি বছৰীয়া প্ৰেমৰ পিছত ২੦১৮ চনৰ ১২ আগষ্টত চাবুৱাৰ ডঙ্গৰচুকৰ নিবাসী চতুকন চেতিয়া আৰু কৃষ্ণামণি চেতিয়াৰ তৃতীয় কন্যা জয়শ্ৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰক্ষী কনিষ্টবল বিকি চেতিয়া।

p1 13

বিয়াৰ পিছত পতি-পত্নীৰ মাজত দুই এটা সামান্য মতানৈক্য ঘটিলেও কোনো ডাঙৰ কাজিয়া ঘটা নাছিল বুলি জানিবলৈ দিয়ে দুৰ্ভগীয়া মহিলাগৰাকীৰ পিতৃয়ে।  

ইপিনে, সােমবাৰে হত্যাৰ অভিযুক্ত স্বামী বিকি চেতিয়াক আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

৩ বছৰীয়া প্ৰেম, ৪ বছৰীয়া বৈবাহিক জীৱনৰ কৰুণ পৰিসমাপ্তি! আৰক্ষী স্বামীৰ বন্দুকৰ গুলীত মৃত্যু গৰ্ভৱতী পত্নীৰ

G2 22

Leave a Reply

Your email address will not be published. Required fields are marked *