কলেজীয়া ছাত্ৰী জোকাই নগুৰ-নাকটি হ’ল এজন যুৱক, অৱশেষত হ’ল ৰঙাঘৰৰ আলহী…

কলেজীয়া ছাত্ৰী জোকাই নগুৰ-নাকটি হ’ল এজন যুৱক।

কোনোৱে ধৰিছে চাৰ্টৰ কালাৰত, কোনোৱে পিঠিত শোধাইছে পূৰ্ণহতীয়া চেণ্ডেলৰ কোব।

অৱশেষত ৰঙাঘৰৰ আলহী হ’ল বপুৰা অঘাইটং যুৱক।

নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী শিমলীতোলাত শণিবাৰে সংঘটিত হৈছে এই ঘটনা।

247
কলেজীয়া ছাত্ৰী জোকাই নগুৰ-নাকটি হ’ল এজন যুৱক, অৱশেষত হ’ল ৰঙাঘৰৰ আলহী... 3

নাম-ধাম জনা নগ’ল যুৱকজনৰ, পিন্ধনত চাৰ্ট-পেণ্ট, পিছে স্বভাৱটোহে গণ্ডগোলীয়া, ৰাস্তাই-ঘাটে ছোৱালী দেখিলেই মাৰে ইয়াৰ্কি।

পিছে শণিবাৰে শণি লাগিল বপুৰাৰ, কলেজীয়া এজাক ছাত্ৰীক জোকাই পলাব খোজোতেই পাছে-পাছে পহু খেদা দি ধৰিলে বপুৰা’ক।

শিমলীতোলাত শণিবাৰৰ আবেলি সংঘটিত হয় এই দবৰা-দবৰি।

দেখিলে নাৰী নিৰ্যাতনৰ ওপৰত যুগুতোৱা বাটৰ নাট যেন লাগিলেও এয়া অভিনয় নহয় -এয়া কলেজীয়া ছাত্ৰীৰ ৰোষৰ বলি হোৱা যুৱকৰ বাস্তৱ বিলৈহে।

অৱশেষত খৱৰ পাই ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে চিলনী থপিওৱা দি বপুৰাক লৈ যোৱাতহে শাম কাটে উত্তেজনা।

লগতে চাওকঃ

৩ বছৰীয়া প্ৰেম, ৪ বছৰীয়া বৈবাহিক জীৱনৰ কৰুণ পৰিসমাপ্তি! স্বামীৰ বন্দুকৰ গুলীত মৃত্যু গৰ্ভৱতী পত্নীৰ

G3 17
কলেজীয়া ছাত্ৰী জোকাই নগুৰ-নাকটি হ’ল এজন যুৱক, অৱশেষত হ’ল ৰঙাঘৰৰ আলহী... 4

Leave a Comment