অসম

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিবেশন, কেইবাখনো নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা…

আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিবেশন।

অসম বিধানসভাৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট অধিবেশন আৰম্ভ।

ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ ভাষণেৰে আৰম্ভ হয় বাজেট অধিবেশন।

১১ দিনীয়া কাৰ্য্যসূচীৰে চলিব এইবাৰৰ বাজেট অধিবেশন।

১৬ মাৰ্চত বিত্তীয় মন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ মজিয়াত দাখিল কৰিব সম্পুৰ্ণ বিত্তীয় বাজেট।

অসম বিধানসভাৰ ২০২২-২৩ অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

এই বাজেট অধিবেশনতে নৱ নিৰ্বাচিত মাজুলী সমষ্টিৰ বিধায়ক ভূৱন গামে বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *