পানীত ডুব যাব মুম্বাই, চেন্নাইকে ধৰি ভাৰতৰ ১২খন চহৰ, NASAৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য…

পানীত ডুবিব ভাৰতৰ মুম্বাই, চেন্নাই, কোচি, বিশাখাপট্টনমসহ কেইবাখনো চহৰ।

ভাৰতক লৈ এই ভয়ংকৰ তথ্য আগবঢ়াইছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই (NASA)।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতৰ ১২ খন চহৰ এই শতিকাৰ শেষলৈ অৰ্থাৎ এতিয়াৰ পৰা ৮০ বছৰৰ পিছত ৩ ফুট পানীত ডুব যাব।

এই প্ৰতিবেদন অনুসৰি, সমভূমিত যথেষ্ট ধ্বংস হ’ব। এই সকলোবোৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মেৰুত জমা হোৱা বৰফ গলি যোৱাৰ ফলত ঘটিব।

নাছাৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ওখা, মৰ্মুগাও, ভাৱনগৰ, মুম্বাই, মাংগালোৰ, চেন্নাই, বিশাখাপত্তনম, টুটিকোৰান কোচি, পাৰাদীপ আৰু কিদ্ৰোপুৰ উপকূলীয় অঞ্চলত গোলকীয় উষ্ণতাৰ প্ৰভাৱ বৰফ গলি যোৱাৰ অধিক প্ৰভাৱ পৰিব৷

এই প্রতিবেদন অনুসৰি সমুদ্র উপকূলৰ মহানগৰসমূহ মানুহৰ বসতিশূন্য হৈ পৰিব বুলি আশংকা কৰা হৈছে৷

দৰাচলতে, নাছাই এটা চি-লেভেল প্ৰজেকশন টুল সৃষ্টি কৰিছে। ই সময়মতে মানুহক স্থানান্তৰ কৰাত আৰু সমুদ্ৰ তীৰত দুৰ্যোগৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা কৰাত সহায় কৰিব। এই অনলাইন সঁজুলিৰ জৰিয়তে ভৱিষ্যতৰ দুৰ্যোগ, সাগৰৰ স্তৰ বৃদ্ধি হোৱা চিনাক্ত কৰিব পাৰি।

নাছাৰ প্ৰতিবেদনত কোৱা হৈছে যে ২১০০ চনৰ ভিতৰত পৃথিৱীৰ তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাব। মানুহে ভয়ংকৰ গৰমৰ সন্মুখীন হ’ব লাগিব। যদি কাৰ্বন নিৰ্গমন আৰু প্ৰদূষণ বন্ধ কৰা নহয়, তাপমাত্ৰা গড়ে ৪.৪ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হ’ব। পৰৱৰ্তী দুটা দশকত তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হ’ব।

যদি পাৰা দ্ৰুতগতিত বৃদ্ধি হয়, হিমবাহবোৰো গলি যাব আৰু তাৰ পানীয়ে সমভূমি আৰু সাগৰীয় অঞ্চললৈ ধ্বংস কঢ়িয়াই আনিব।

Leave a Comment