জেষ্ঠ সাংবাদিক ,ক্ৰীড়া সংগঠক অৰুন বৰা আৰু নাই…

মাজুলীৰ জেষ্ঠ সাংবাদিক ,ক্ৰীড়া সংগঠক অৰুন বৰা আৰু নাই।

আজি পুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰাই।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ।

হৃদ ৰোগত আক্ৰান্ত হৈ থকা বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথতে মৃত্যু সাংবাদিকজনৰ৷

মাজুলী ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, গড়মূৰ পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে অৱসৰ লৈছিল ২০১০ চনত।

মইনা পাৰিজাত,সাহিত্য সভাৰ লগতো জড়িত আছিল প্ৰয়াত বৰা।

গড়মূৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি আৰু মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বৰা দৈনিক জনমভূমি আৰু অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ সাংবাদিক আছিল।

৩২ বছৰে সাংবাদিকতাৰ সৈতে জড়িত আছিল প্ৰয়াত বৰা।

Leave a Comment