ৰাজ্যত বলিছে এতিয়া উপ নিৰাবাচনৰ গৰম বতাহ।
নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।
তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
তামুলপুৰত উপস্থিত হৈ কেইবাটাও উন্নয়নমূলক আঁচনি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰৰ পৰা পোনে পোনে খৈৰাণীত পাগলাদিয়া নদীত নিৰ্মাণ হ’বলগীয়া দলঙৰ স্থান পৰিদৰ্শন কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে অচিৰেই অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে৷
ড০ শৰ্মাই কয় যে প্ৰায় ৬০০ কোটিটকীয়া এই দলংখন নিৰ্মাণ হ’লেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব।
তামুলপুৰ অঞ্চলৰ বহু উন্নয়নৰ স্থল আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে তামুলপুৰত পৰ্যটনৰ বহু সম্ভাৱনা আছে৷ ইয়াৰ বাবে যাতায়াত ব্যৱস্থাটোও সূচল হ’ব লাগিব৷ সেয়ে মই আগতেও আহিছো আৰু আহিম৷
পৰিদৰ্শনৰ সময়ত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ উপৰিও কেবাজনো বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্যই সংগ দিয়ে৷









